নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই বৰ্ষত ৭০০ কি:মি: মথাউৰি পকীকৰণ কৰা হ’ব, নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩০০ কি:মি: মথাউৰি: মন্ত্ৰী পীযুষ হাজৰীকা

 

 

 

 

নিয়মীয়া বাৰ্তা ডিচেম্বৰ ২: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পাণ্ডু আৰু লেঙা অঞ্চল ভ্ৰমণ কৰি বিভাগীয় কামৰ বুজ লয় | অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰীগৰাকীয়ে আজি বিভাগীয় বিষয়াসকলক লগত লৈ পাণ্ডুঘাটৰ ওচৰত নিৰ্মীয়মান এখন শ্লুইচ গেট আৰু লেঙা অঞ্চলৰ নদী খহনীয়াৰ বুজ লয় আৰু অঞ্চল দুটাৰ জনসাধাৰণক অতি শীঘ্ৰে প্ৰয়োজনীয় কাম আৰম্ভ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে |

 

আনহাতে লেঙাত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এগৰাকী সাংবাদিকে মথাউৰি তথা পকীপথৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে যে অহা ডেৰ মাহৰ ভিতৰত মথাউৰি পকীকৰণৰ কাম আৰম্ভ কৰিব পৰা যাব বুলি তেঁও আশাবাদী | এই বৰ্ষত প্ৰায় ৭০০ কিল’মিটাৰ মথাউৰি পকীকৰণ আৰু প্ৰায় ৩০০ কিল’মিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ অহা চাৰে চাৰি বছৰীয়া কাৰ্যকালত অসমৰ বানপানীৰ সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব | মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা তথা বিভাগীয় বিষয়া কৰ্মচাৰীৰ প্ৰচেষ্টাৰ বাবে আগন্তুক সময়ত অসমৰ বানপানীৰ সমস্যা অন্তত: ৮০ শতাংশ পৰ্যন্ত নাইকীয়া কৰিব পৰা যাব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |

You might also like