নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিলিপাইনছলৈ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰিত শিৱসাগৰৰ জেনিফাৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : শিৱসাগৰ চহৰৰ একেবাৰে গাতে লাগি থকা ঐতিহাসিক আমগুৰি গাঁও চিপাহী আলি নিবাসী এগৰাকী ছাত্ৰীয়ে নিজৰ মেধা-দক্ষতাৰ ভিত্তিত ফিলিপাইনছৰ IRRIত প্ৰশিক্ষণৰ বাবে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ পোৱা বাতৰিয়ে সমগ্ৰ অঞ্চলটোতেই আনন্দৰ জোৱাৰ তুলিছে ৷ আমগুৰি গাও চিপাহী আলিৰ নিবাসী মিনহাজুল ইছলাম আখতাৰ আৰু জিন্নত আৰা আহমেদৰ জেষ্ঠ কন্যা তথা আন্তৰাষ্ট্ৰীয় এথলেটিকচ খেলুৱৈ প্ৰয়াত মেছবাহুল ইছলামৰ ভতিজায়েক জেনিফাৰ মিনহাজে NAHAP ৰ তত্বাৱধানত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এই সুযোগ লাভ কৰিছে। ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি বিশ্ববিদ্যালয়ৰ সপ্তম চেমিষ্টাৰৰ ছাত্ৰী জেনিফাৰ মিনহাজৰ এনে কৃতিত্বত উৎফ্যুল্লিত কৰি তুলিছে বৃহত্তৰ অঞ্চলবাসীক৷ কাইলৈ ফিলিপাইনচলৈ ৰাওনা হবলগীয়া মেধাবী জেনিফাৰ এই সাফল্যত শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘ, ঐক্য সেনা অসম, আমগুৰি বৰ মচজিদ পৰিচালনা সমিতি, আমগুৰি যুৱ জামাতকে ধৰি বহু অনুস্থানে অভিনন্দন জ্ঞাপন কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like