নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলমেট পৰিধান নকৰা লোকৰ পৰা জোনাই আৰক্ষীৰ ২১,৫০০ টকা জৰিমনা সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ জোনাই আৰক্ষীয়ে জোনাইত দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে৷

লগতে জোনাই মহকুমাত বৃদ্ধি পোৱা পথ দুর্ঘটনাৰ সংখ্যা হ্রাস কৰাৰ লক্ষ্যৰে যান–বাহন চলাওঁতে ল’ব লগা সাৱধানতাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে৷ দুচকীয়া বাহনৰ চালক আৰু আৰোহীক এই নির্দেশনা মানি চলিবলৈ জোনাই আৰক্ষীয়ে আহ্বান জনায়৷ নহ’লে এই নির্দেশ অমান্য কৰা চালকে ভৰিব লাগিব জৰিমনা।

জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ নিৰ্দেশ মৰ্মে জোনাই থানাৰ আৰক্ষী উপ পৰিদৰ্শক অতুল শইকীয়া আৰু ট্ৰেফিক ব্ৰাঞ্চ ৰাজ বিকাশ দাসৰ নেতৃত্বত হেলমেট পৰিধান নকৰা আৰোহীৰ পৰা যোৱা শনিবাৰে ৪ হাজাৰ, দেওবাৰে ৭ হাজাৰ ৫০০ টকা আৰু আজি ১০ হাজাৰ টকা যান–বাহন আইনৰ অধীনত মুঠ ২১,৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰে জোনাই আৰক্ষীয়ে৷

উল্লেখ্য যে জোনাই মহকুমাত গাড়ীৰ নথি পত্ৰ আৰু হেলমেট পৰিধান নকৰা লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে  জোনাই আৰক্ষীয়ে৷

You might also like