নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে ওভতাই দিলে লাডাখ সীমান্তত বন্দী কৰা চীনা সৈন্যক

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ লাডাখ সীমান্তত বন্দী কৰা এজন চীনা সেনাক আজি ওভতাই দিলে ভাৰতে। চুচুল মোল্ডো সীমান্তত হোৱা এক আলোচনাৰ অন্তত পিপলছ লিবাৰেচন আৰ্মীৰ হাতত পুৱা ১০ বজাত গতাই দিয়া হয় সৈন্যজনক।

উল্লেখ্য, যোৱা ৪ জানুৱাৰীত পেংগং হ্ৰদৰ দক্ষিণৰ সীমাৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা সৈন্যজনক ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিছিল। চীনা প্ৰশাসনে আন্ধাৰৰ বাবে সেনাজনে ভাৰতত প্ৰৱেশ কৰা বুলি উল্লেখ কৰি ভাৰতীয় প্ৰশাসনক সেনাজনক ওভতাই দিবলৈ অনুৰোধ কৰিছিল।

এই অনুৰোধ আৰু প্ৰাথমিক তদন্তৰ পিছত আজি সেনাজনক ওভতাই দিয়ে ভাৰতে। উল্লেখ্য, লাডাখ সীমান্তত এয়া চীনা সৈন্যক চীনৰ হাতত ওভতাই দিয়া দ্বিতীয়টো ঘটনা। যোৱা অক্টোবৰ মাহতো এজন সেনাক বন্দী কৰা হৈছিল আৰু পিছত তেওঁকো ওভতাই দিয়া হয় চীনক।

You might also like