নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইবাহীত গ্ৰাম্য বিজ্ঞান মেলা ২০১৯-২০ৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰি বিজ্ঞান মানসিকতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে অসম বিজ্ঞান সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

এইবাৰো অসম বিজ্ঞান সমিতিৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতিৰ মৰিগাঁও জিলা সমিতি আৰু চৰাইবাহী বিজ্ঞান আৰু পৰিৱেশ সজাগতা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে চৰাইবাহীত গ্ৰাম্য বিজ্ঞান মেলা ২০১৯-২০ৰ সফল সামৰণি পৰে ৷

৮ আৰু ৯ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী শ্বহীদ তিলক ডেকা স্মৃতি ভৱনত অনুষ্ঠিত হোৱা গ্ৰাম্য বিজ্ঞান মেলাৰ প্ৰথম কাৰ্যসূচী হিচাপে ৮ জানুৱাৰীৰ পুৱা অসম বিজ্ঞান সমিতিৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলাৰ সভাপতি ড° বোধেশ্বৰ কলিতাই ৷

আনহাতে চৰাইবাহী বিজ্ঞান আৰু পৰিৱেশ সজাগতা সমিতিৰ পতাকা উত্তোলন কৰে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোমবৰ নাথে ৷ ইয়াৰ পিছতে মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ইচমেয়াৰা বেগমৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

এই গ্ৰাম্য মেলাৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে এখন বিজ্ঞান প্ৰদৰ্শনী আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনীৰো আয়োজন কৰে ৷ এই প্ৰদৰ্শনী উদ্বোধন কৰে মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰমজিৎ বৰাই ৷

আনহাতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি আৰু বিজ্ঞান মানসিকতা বৃদ্ধিৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীক লৈ এখন বিজ্ঞান শোভাযাত্ৰাও উলিওৱা হয়৷ এই শোভাযাত্ৰা শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল গগৈয়ে৷

৯ জানুৱাৰী পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা , চিত্ৰাংকন প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইয়াৰ পিছতে শিক্ষক সঞ্জীৱ কুমাৰ নাথৰ ৰচনা আৰু পৰিচালনাত সমাজৰ অন্ধবিশ্বাস দূৰীকৰণৰ উদ্দেশ্যে এখন চুটি নাট প্ৰদৰ্শন কৰা হয়৷

এই অনুষ্ঠানতে জাগীৰোড মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ কুমাৰ তামুলীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত কেইবাটাও বিজ্ঞানৰ যাদু প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীক আপ্লুত কৰি তোলে ৷ শেষত এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা আৰু মানপত্ৰ প্ৰদান কৰি অনুষ্ঠানৰ সামৰণি মাৰে ৷

You might also like