নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসৰ দিনা যোৰহাটৰ জে ডি এচ এ খেলপথাৰত অস্থায়ী ক’ভিড চিকিৎসালয় উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ ক’ভিড-১৯ মহামাৰীৰ সময়তেই আক্ৰান্তৰ বাবে আহিল এক আশাৰ বাৰ্তা।যোৰহাটৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অস্হায়ীভাৱে নিৰ্মাণ কৰা ৩০০ বিচনাযুক্ত চিকিৎলায়খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীজনৰ লগতেই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সা‌ংসদ কামাখ্যা প্ৰসাদ তাছা ,টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা ,যোৰহাটৰ জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জি ক’ৰাটীকে প্ৰমুখ্যে কেইবাজনো ব্যক্তি ।জিলাখনত নিতৌ বৃদ্ধি পোৱা ৰোগীৰ সংখ্যা তথা ৰোগৰ সংক্ৰমণৰ পাদুৰ্ভাৱৰ বাবেই অস্হায়ীভাৱে আটকধুনীয়াকৈ এনেদৰে ক’ভিড কেয়াৰ নিৰ্মাণ কৰি উলিয়াইছে যোৰহাট জিলা প্ৰশাসনে ।মন্ত্ৰী কেশৱ মহন্তই ব্যক্ত কৰে যে, বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২০০ বিচনা আছে আৰু নতুনকৈ ২০০ খন বিচনাৰ সংযোজন কৰাৰ ব্যৱস্থা কৰা হৈছে ।তাৰোপৰি বৰ্তমান যোৰহাট জিলাৰ বিভিন্ন স্হানত ১০০০ খন বিচনা আক্ৰান্তৰ বাবে ব্যৱস্থা আছে সেয়াও লগতেই উল্লেখ কৰে জলসম্পদ মন্ত্ৰীজনে ।

You might also like