নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত সাংবাদিকতাৰ কৰ্মশালা : নিউজ লাইভৰ সুৰজ দত্তলৈ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ সন্মান যুৱ সাংবাদিক সন্থাৰ

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ যুৱ সাংবাদিক সন্থা, অসম আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ১৯ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে অনুষ্ঠিত দহদিনীয়া সাংবাদিকতাৰ কৰ্মশালাখনৰ আজি সফল সামৰণি পৰে ৷ সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জ্যোষ্ঠ সাংবাদিক তথা বৰ্তমান ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ, জ্যোষ্ঠ প্ৰবন্ধক, জনপৰিক্ৰমা বিভাগ, অইল ইণ্ডিয়া লিমিটেডৰ জয়ন্ত বৰমুদৈ, জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্ত, সাংবাদিক বুবুল হাজৰিকা, লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্বল গগৈ, জ্যোষ্ঠ সাংবাদিক আদিত্য গোস্বামী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জেহেৰুদ্দিন আহমেদ, অনিল ফুকনকে প্ৰমুখ্যে কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷ ভাষণৰ প্ৰসংগত সমুদ্ৰ গুপ্ত কাশ্যপে কয় যে সাংবাদিকতা সকলোৱে কৰিব নোৱাৰে, সাংবাদিকতা কৰিবলৈ হ’লে এলাহ ত্যাগ কৰিব লাগিব, এলাহ প্ৰদৰ্শন কৰা সাংবাদিকে ভাল সাংবাদিকতা কৰিব নোৱাৰে, মফচলীয় সাংবাদিকে দেশ বিদেশৰ খৱৰ ৰখাৰ উপৰি যিকোনো খৱৰৰ বিতং তথ্য ৰখাটো খুবেই জৰুৰী। সেয়ে প্ৰতিগৰাকী ভাল সাংবাদিক হ’ব বিচৰা ব্যক্তিয়েই নিজৰ হাতত তথ্য লিখি থব পৰাকৈ অন্তটো হাতত এখন টোকাবহী ৰাখিব লাগে। ইয়াৰ উপৰি অনুষ্ঠানটোত জ্যোষ্ঠ সাংবাদিক ইকবাল আহমেদ, জ্যোষ্ঠ প্ৰবন্ধক, জনপৰিক্ৰমা বিভাগ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বিষয়া জয়ন্ত বৰমুদৈ, বুবুল হাজৰিকাই সাংবাদিকতা কেনে হোৱা উচিত আৰু আজিৰ সমাজত সাংবাদিকতাক কিয় ৰাইজে সমালোচনাৰ লক্ষ্য কৰি ল’বলগীয়া হৈছে এই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। দহদিনীয়া সাংবাদিকতাৰ কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অসমৰ কেইবাজনো জ্যোষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত যোগদান কৰা ছাত্ৰ-ছাত্ৰীসকলক সভাৰ মাজতে একোখন মানপত্ৰ প্ৰদান কৰাৰ লগতে লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্তলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে যুৱ সাংবাদিক সন্থা, অসমৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মহাবিদ্যালয়ৰ সহঃ অধ্যাপক বিষ্ণুজ্যোতি দত্তই আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য বাখ্যা আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্তই ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সফল সামৰণি পৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় যুৱ সাংবাদিক সন্থা, অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে। ইফালে যুৱ সাংবাদিক সন্থা, অসমৰ ২০২২ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান ঘোষণা কৰা হৈছে ৷ অসমৰ সাংবাদিক ক্ষেত্ৰৰ অন্যতম পুৰোধা ব্যক্তি, প্ৰবীণ সাংবাদিক কনকসেন ডেকালৈ যুৱ সাংবাদিক সন্থা, অসমৰ বিশেষ সন্মানৰ লগতে লগতে পৰাগমণি আদিত্যলৈ “সংবাদ শিৰোমণি সন্মান” আৰু নিউজ লাইভৰ ডিব্ৰুগড়ৰ ব্যুৰ চীফ সুৰজ দত্তলৈ “বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ সন্মান” আগবঢ়োৱা হৈছে। আটাইকেইজন সমল ব্যক্তিকে ২০২৩ বৰ্ষৰ ১০ ফ্ৰেব্ৰুৱাৰীত যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত সম্বৰ্ধনা জনোৱা হ’ব ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like