নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অনুষ্ঠিত প্ৰাচীন কামৰূপ কায়স্থ সমাজৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ দেওবাৰে শতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত গুৱাহাটীৰ চানমাৰিত প্ৰাচীন কামৰূপ কায়স্থ সমাজৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ এখন সভা সমাজৰ সভাপতি বিশিষ্ট শিক্ষাবিদ ড° দিব্যজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হয় । সাধাৰণ সম্পাদক (ভাৰপ্ৰাপ্ত) পংকজ নাৰায়ণ চৌধুৰীৰ উদ্দেশ্য ব্যাখ্যাৰ পিচত প্ৰস্তাৱনা ভাষণত ড৹ মহন্তই কায়স্থ সমাজৰ প্ৰাত: স্মৰণীয় ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সেইসকলে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা গৌৰৱেৰে উল্লেখ কৰি বৰ্তমান সময়ত এখন উন্নয়ণমুখী সমাজ গঢ়াৰ স্বাৰ্থত কায়স্থসকলে পৰস্পৰৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি একত্ৰিতহৈ কাম কৰি যোৱাৰ পোষকতা কৰে ।

লগতে কায়স্থৰ ইতিহাস লিখি উলিয়াই কাণ্ডাৰীসকলৰ জীৱনী প্ৰস্তুতৰ বাবে উঠি অহা প্ৰজন্মক কৰ্মপদ্ধতি নিৰ্ণয়ৰ বাবে আহ্বান জনায়। ইয়াৰ সমান্তৰালকৈ তেখেতে নলবাৰীৰ দৌলগোবিন্দপুৰত থকা কায়স্থ সমাজৰ কাৰ্যালয়গৃহ মেৰামতি কৰি সমাজৰ নানা তথ্য সংগ্ৰহ কৰি ইয়াক কাম কাজৰ কেন্দ্ৰ কৰাৰ বাবে পদক্ষেপ লোৱা হব বুলি উল্লেখ কৰে । উক্ত সভাত বিশিষ্ট শিক্ষাবিদ তাৰিণী কুমাৰ দত্তই প্ৰাচীন সময়ৰ পৰাই কায়স্থৰ ইতিহাসৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে অনুৰোধ জনায় আৰু অসমৰ নানা ঠাইত সিচঁৰতি হৈ থকা বান্ধৱসকলৰ লগত যোগাযোগৰ দিশত ব্যৱস্থা লবলৈ কাৰ্যপন্থা নিৰ্ণয়ৰ বাবে আহ্বান জনায় ।

অলকেশ মল্ল বৰুৱাই গ্ৰাম্য পৰ্য্যায়লৈ কায়স্থ সমাজৰ বিস্তাৰৰ ওপৰত মন্তব্য আগবঢ়ায় । অধ্যাপিকা কবিতা চোধুৰীয়ে কায়স্থ সমাজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজৰ বৌদ্ধিক তথা সামাজিক অৱদান সমুহৰ ওপৰত আলোকপাত কৰে । ইয়াৰোপৰি ও তেখেতে চৰকাৰক হৰিনাৰায়ন দত্ত বৰুৱাৰ নামত চৰকাৰীভাৱে বঁটা দিবলৈ ও চৰকাৰক অৱগত কৰিবলৈ অনুৰোধ জনায়। উক্ত সভাত ননীধৰ দত্ত দেৱে শলাগৰ শৰাই আগবঢ়ায় । সভাত উপস্থিত থকা অবসৰী ভাৰতীয় প্ৰশাসনিক বিষয়া, অভিযন্তা, অধ্যাপক, বেংক বিষয়াকে ধৰি বিভিন্নজনে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে । সভাই ডিচেম্বৰ মাহত সাধাৰণ সভা অনুষ্ঠিত কৰাৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে ।

You might also like