নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত জেচিবি চলাই অমৃত সৰোবৰ খননৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ দেশৰ অমৃত সৰোবৰসমূহে এদিন সঁচাকৈ অমৃত বৰষাবলৈ সক্ষম হব৷ আগন্তুক দিনত এই সৰোবৰ সমূহৰ পাৰে পাৰে মূল্যবান বৃক্ষ ৰোপণ কৰা হ’ব ৷ যাৰ ফলত সৌন্দৰ্যবদ্ধন আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়ন সাধনত প্ৰভূত বৰঙণি যোগাব৷” এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী সম্পূৰ্ণ হোৱা উপলক্ষে উদযাপিত আজাদী কী অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল সংৰক্ষণ আৰু ভূ গৰ্ভৰ জলস্তৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে দেশৰ প্ৰতিখন জিলাতে অমৃত সৰোবৰ পুখুৰী খন্দাৰ এক অভিলাষী পৰিকল্পনা যুগুত কৰে৷ আৰু প্ৰধানমন্ত্ৰীৰ এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্য কালি ৰাজ্যৰ অইন জিলাসমূহৰ লগতে বজালী জিলাটো অমৃত সৰোবৰ খনন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ বজালীৰ পাটাছাৰকুছি সমষ্টিৰ বাঘমাৰা পঞ্চায়তৰ অন্তৰ্গত পশ্চিম কঠালমুৰি গাঁৱত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি মন্ত্ৰী তথা স্থানীয় বিধায়ক দাসে উক্ত মন্তব্য কৰে৷ মন্ত্ৰী দাসে নিজে জেচিবি চালকৰ ৰূপত অৱতীৰ্ণ হৈ খনন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা অনুষ্ঠানটোত বজালীৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ সমন্বিতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে৷ আনহাতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২সংখ্যক জন্মদিনৰ ক্ষণত কালি পাটাছাৰকুছি সমষ্টিত “প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)”ৰ অধীনত পাঁচটাকৈ বাসগৃহৰ নিৰ্মাণ কাৰ্যৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে৷ উল্লেখ্য যে, কালি সমগ্ৰ অসমত “প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)”ৰ ১ লাখ বাসগৃহ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰা হয় আৰু তাৰ আধাৰতেই, বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁৱত উক্ত আঁচনিৰ অধীনত ৯০০ বাসগৃহৰ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা হয়৷ মন্ত্ৰীগৰাকীৰ উপৰি পঞ্চায়ত প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকলে এই কামৰ শুভাৰম্ভ কৰে। ইপিনে বজালী জিলাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰো পাঁচ স্থানত অমৃত সৰোবৰৰ নির্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক ফণীধৰ তালুকদাৰ আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই৷
প্ৰেৰক কল্যাণ কলিতা

You might also like