নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত চোৰাং চাউলসহ বলেৰো পিকআপ জব্দঃ এজনক আটক

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ যি সময়ত এমুঠি চাউলৰ বাবে শ্ৰমজীৱী লোকে হাহাকাৰ কৰিছে সেই সময়তে ৰাজ্যত একাংশ অসাধু চক্ৰই ৰাজ্যত চলাই গৈছে বগা চাউলৰ কলা ব্যৱসায়। দেওবাৰে নিশা বিজনী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত ৭০ বস্তা সন্দেহ জনক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলসহ এখন বলেৰো পিকাআপ ভান জব্দ কৰে বিজনীৰ আৰক্ষীয়ে । পিকাআপ ভান খনৰ নম্বৰ AS19 AC 3905 । গাড়ীখন মাণিকপুৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা অৱস্থাত বিজনীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাস্থিত টোলপ্লাজাত বিজনী আৰক্ষীৰ জালত পৰে। চোৰাং চাউল সৰবৰাহৰ সৈতে জড়িত গাড়ীখনৰ চালক পলায়ন কৰে যদিও গাড়ীখনৰ গৰাকী শ্বাহজাহান আলী ওৰফে চান মিঞা (৩৫)ক আটক কৰে। পিছত গাড়ীসহ চাউলখিনি বিজনী থানাৰ লৈ আনি ১৫৬/২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like