নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালি উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  ঘন জংঘলত সি নিঠৰুৱা– অকলশৰে কাজিৰঙা ৰাষ্ট্রীয় অভয়াৰণ্যত এটা নৱজাতক৷ ভূমিস্থ হৈছে খুব বেছি ২ বা ৩ দিনৰ পূর্বে৷ চৌদিশে বানৰ তাণ্ডৱৰ মাজত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালিটোৰ কি হাহাকাৰ অৱস্থা হ’ব পাৰে সেয়া সহজেই অনুমেয়৷ মাকৰ সন্ধানত ইফালৰ পৰা সিফালে ঘূৰি ঘূৰি দিক্–বিদিক হেৰুৱাই পেলাইছিল কণমানি গঁড়টোৱে৷ আজি ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ তেঁতেলিগুৰি বন শিবিৰৰ সমীপত অসহায় গঁড়ৰ পোৱালিটো দৃষ্টিগোচৰ হয় এজন বনকর্মীৰ৷ সদ্যোজাত পোৱালিটোৱে বনকর্মীজনক দেখিয়েই মুহূর্তৰ বাবে চঞ্চল হৈ উঠিল৷ কিন্তু খন্তেকৰ বাবেহে৷ সি বুজি পালে– বনকর্মীজনেই হ’ব পাৰে তাৰ আশ্রয়ৰ শেষ আশা৷ অলপো বিলম্ব নকৰাকৈ গভীৰ স্বস্তিৰে সি দৌৰি গ’ল বনকর্মীজনৰ কাষলৈ৷ ইতিমধ্যে অনাহাৰ–নিদ্রা, ক্লান্তি–ভয়বিহ্বলতা অসুস্থ হৈ পৰিছিল পোৱালিটো৷

পিছত পাণবাৰীৰ বন্যপ্রাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রৰ চিকিৎসকৰ এটা দলে গৈ কণমানিটিক উদ্ধাৰ কৰি কেন্দ্রটোলৈ লৈ আনে৷ কণমানি গড়ৰ পোৱালিৰ স্বাস্থ্যৰ অৱস্থাক লৈ চিন্তা ব্যক্ত কৰে কেন্দ্রটোৰ চিকিৎসক প্রাণজিৎ বসুমতাৰীয়ে৷ তেওঁ লগতে কয় যে পোৱালিটোক সুস্থ কৰি তুলিবলৈ কেন্দ্রটোৰ সকলোৱে পার্যমানে চেষ্টা অব্যাহত ৰাখিছে৷ পৰৱর্তী সময়ত মাকক বিচাৰি পালে মাকৰ কাষত গঁড় পোৱালিটো থৈ অহাৰ চেষ্টা কৰিব বুলি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে৷

You might also like