নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ চহৰ অঞ্চলৰ লগতে গ্ৰাম্য অঞ্চলতো শাৰদীয় উৎসৱ দুৰ্গা পূজাৰ আনন্দ উল্লাস

 নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ কোকৰাঝাৰ জিলাৰ সদৰ চহৰৰ লগতে গ্ৰাম্য অঞ্চল সমুহতো ঢাক ঢোলৰ শব্দৰে মূখৰিত হৈছে পূজা মণ্ডপ । চহৰ অঞ্চলৰ পূজা মণ্ডপ সনুহ যেনে ধৰনৰ আলোক সজ্জাৰে সাজি তুলিছে তেনে ধৰনৰ ব্যৱস্থা গ্ৰাম্য অঞ্চল পূজা সমুহত সমুহত হোৱা নাই আলোক সজ্জা । যদিও উন্নত মানৰ কোনো আলোক সজ্জা নাই তথাপি আকৰ্ষনৰ কেন্দ্ৰ বিন্দু হৈছে গ্ৰাম্য অঞ্চলৰ পূজা সমুহ । এই ক্ষেত্ৰত পিছ পৰি থকা নাই চিথিলা অঞ্চলৰ পূজা মণ্ডপ ।

যদিও উন্নত মানৰ আলোক সজ্জা নাই তথাপি দূৰ্গা পূজা উপলক্ষে দিনৰ ভাগত বিভিন্ন ধৰনৰ খেল ধেমালীৰ লগতে অনুষ্ঠিত কৰিছে নৃত্য গীতৰ অনুষ্ঠানো । উত্তৰ শংকৰ পাৰা দূৰ্গা পূজা উৎযাপন সমিতিয়ে শাৰদীয় উৎসব দূৰ্গা পূজা উপলক্ষে মহা নবমী তিথিত খেল ধেমালীৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে । পূজা সমিতিৰ নিকুঞ্জ তালুদাৰে আৰু ধৰনী কান্ত বৰ্মনে কয় যে কভিড বিধি মানি পূজা অনুষ্ঠিত কৰিব লগা হোৱাত ইমান জাক জমতাৰে কৰিব পৰা নাই ।

You might also like