নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজা পাতল, আনন্দ উৎসাহেৰে দশমীৰ দুৰ্গাক বিসৰ্জন দীৰ্ঘা মাজ গাঁও পূজা উদযাপন সমিতিৰ

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ :-অন্তিম পূজা পাতল, আনন্দ উৎসৱৰে নাচ গান কৰি দশমীৰ দুৰ্গাক অন্তিম বিদায় জনাই বিসৰ্জন কৰিলে দীৰ্ঘা মাজ গাঁও পূজা উদযাপন সমিতিয়ে ।ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰি চাৰিদিন ধৰি পূজা পাতল কৰি আজি দশমীৰ বিসৰ্জনৰ পূৰ্বে পুৱাতেই উখল মাখল পৰিবেশ সৃষ্টি হয় পূজা মণ্ডপত। পুৰোহিতৰ মন্ত্ৰোচাৰণ ভক্ত দৰ্শনাৰ্থীৰ পূজা অৰ্চনাৰে দশমীৰ পূজা সম্পন্ন হোৱাৰ পিছতেই প্ৰতিমা বিসৰ্জনৰ সময়ত এক উৎসৱমুখৰ পৰিৱেশত নাচ গান কৰি দেৱী বন্দনাৰে দেৱীৰ প্ৰতিমা গাড়ীত তুলি বিসৰ্জনৰ বাবে প্ৰেৰণ কৰিলে দীৰ্ঘা মাজ গাঁও পূজা সমিতিয়ে ।

You might also like