নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেপিএলএ বিদ্ৰোহী সংগঠনৰ সদস্যৰ অস্ত্ৰসহ আত্মসমৰ্পণ

বিশেষ বাৰ্তা, ১৯ আগষ্ট : কাৰ্বি আংলঙৰ পাহাৰত চলিত বৰ্ষৰ জুলাই মাহত আত্মপ্ৰকাশ কৰা কে পি এল এ নামৰ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ তিনি সদস্যই আৰক্ষী প্ৰশাসনৰ ওচৰত আত্মসমৰ্পণ কৰিছে। কাৰ্বি আংলং জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ সময়ত তিনিজনীয়া দলটোৱে তিনিটা পইন্ট 32 পিষ্টলসহ দুই ৰাউণ্ড সক্ৰিয় গুলী জমা দিয়ে। নতুন বিদ্ৰোহী সংগঠনটোৱে আত্মপ্ৰকাশ কৰিয়েই কাৰ্বি আংলঙৰ লাংলকছ’, নিহাংলাংছ’, বৰপুং আদি এলেকাত ধন দাবীৰ পাং পাতিছিল। ফেচবুক পোষ্টযোগে এই কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like