নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ চৰ-চাপৰিৰ বিদ্যালয়ৰ গুণোৎসৱৰ পৰ্যবেক্ষণ জিলা শিক্ষা বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট: মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত চৰ চাপৰিৰ প্ৰাথমিক বিদ্যালয়ৰ কালি গুণোৎসৱৰ সামৰণি পৰে। উল্লেখ্য, বানপানীৰ বাবে চৰ চাপৰি সমূহত থকা প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ স্হগিত ৰখা হৈছিল।এই গুণোৎসৱৰ পৰ্যবেক্ষণৰ বাবে কালি শিক্ষা বিভাগৰ এটি দল চৰ চাপৰিত উপস্হিত হয়। জিলা শিক্ষা বিষয়া বুলি গগৈ ভূঞা, লাহৰীঘাট শিক্ষা খণ্ডৰ শিক্ষা বিষয়া আবুল কাছেম, জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ মূখ্য সহায়ক আবুল কালাম, লাহৰীঘাট শিক্ষা খণ্ডৰ গানণিক ছফিকুৰ ৰহমান, ভূৰাগাঁও মণ্ডল সমল কেন্দ্ৰৰ চি আৰ চি চি লুৎফুৰ ৰহমান দীঘলীআটি সমল কেন্দ্ৰৰ চি আৰ চি চি ৰুদ্ৰ কুমাৰ চৌহান, ফলিহামাৰী সমল কেন্দ্ৰৰ চি আৰ চি চি মিথুন ঠাকুৰ, ধুমকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কাছেম, মৈৰাবাৰী ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক তফজ্জুল হক আৰু জলকীয়াবড়ী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কবিতা চুমে গুণোৎসৱৰ পৰ্যবেক্ষণৰ বাবে ভূৰাগাঁৱৰ পৰা ইঞ্জিন চালিত নাৱেৰে চৰ চাপৰিত উপস্হিত হয়। শিক্ষা বিভাগৰ এই দলটিয়ে কালাই চৰ আৰু মেৰহাবি পিঠা খাইতি চৰৰ তিনিখন বিদ্যালয়ৰ গুণোৎসৱৰ পৰ্যবেক্ষণ কৰে। বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী প্ৰায় এশ শতাংশ উপস্হিতিত শিক্ষা বিভাগৰ দলটিয়ে সন্তোষ প্ৰকাশ কৰে। ইয়াৰ লগতে চৰ চাপৰিত শিক্ষাৰ মানদণ্ড আৰু বিদ্যালয় এৰাৰ সংখ্যা কমোৱাৰ উদ্দেশ্য চৰ্ত উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় স্হাপন কৰাৰ বাবে চৰকাৰ অনুৰোধ কৰিব বুলি জিলা শিক্ষা বিষয়া বুলি গগৈ ভূঞাই প্ৰকাশ কৰে।আনহাতে চৰৰ বিদ্যালয় সমূহৰ আন্ত:গাঁথনি উন্নত কৰা হব বুলি প্ৰকাশ কৰে। ইয়াৰ লগতে শিক্ষা বিভাগৰ সজাঁতী দলটিয়ে চৰ চাপৰি লোকসকলক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ প্ৰত্যক ঘৰত ১৩ তাৰিখৰ পৰা জাতীয় পতাকা উত্তোলন কৰাৰ বাবে সজাগতাৰ অভিযান চলায়।

প্ৰেৰক আবুল কালাম

You might also like