নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঙুৰলতা ডেকা সন্দৰ্ভত উত্থাপিত অভিযোগ উদ্দেশ্য প্ৰণোদিত: মন্ত্ৰী পীযুষ হাজৰীকা

নিয়মীয়া বাৰ্তা, ৭আগষ্টঃ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই আজি দিছপুৰত এক সংবাদমেল যোগে শেহতীয়াকৈ এটা সমদলত এগৰাকী বিজেপি নেত্ৰীয়ে এটা জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বুলি চলি থকা বিতৰ্কৰ স্পষ্টীকৰণ দিয়ে ।

বিজেপি নেত্ৰী আঙুৰলতাই সমদলত আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কোনো ধৰণৰ বিৰূপ মন্তব্য নাই কৰা বুলি উল্লেখ কৰি মন্থীগৰাকীয়ে কয় যে এই ভিডিঅ’ সম্পূৰ্ণৰূপে সম্পাদনা কৰি কোনোৱে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰি আছে ।

অসমক ৬০০ বছৰে ৰাজত্ব কৰা আৰু মোগলৰ দৰে বাহিৰা শক্তিত প্ৰতিহত কৰা জাতিক বিজেপিৰ কোনো সদস্যই কেতিয়াও অসন্মান কৰিবলৈ সাহস নকৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

সম্পাদনা কৰা ভিডিঅ’টোৰ আলমত একাংশ সংগঠনে প্ৰতিবাদ কৰি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই তেঁওলোকক প্ৰকৃত ভিডিঅ’টো চাই প্ৰতিবাদ বাতিল কৰিবলৈ আহ্বান জনায় । আনহাতে উদ্দেশ্য প্ৰণোদিত ভাৱে এনেদৰে ভিডিঅ’ সম্পাদনা আৰু প্ৰচাৰ কৰা সকলোকে আৰক্ষীয়ে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

You might also like