লকডাউনৰ মাজতে ৰহাত এহাল শিক্ষক-দম্পতীৰ ব্যতিক্ৰমী প্ৰচেষ্টাঃ ঘৰতে পাঠদান ছাত্ৰ-ছাত্ৰীক
নিয়মীয়া বার্তা, ১১ মেঃ মহামাৰী ক’ৰোনাৰ মহাপৰাক্ৰমণত তথৈবচ মানৱ সমাজ। চৌদিশে সন্ত্ৰাস আৰু সন্ত্ৰাস। স্তব্ধ বিশ্বৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক আদি সকলো অৱস্থা। একে পৰিবেশ আমাৰ দেশ ভাৰতবৰ্ষটো। এই মহামাৰী ক’ৰোনাক প্ৰতিহত কৰিবলৈ দেশত চলিছে তৃতীয় পৰ্যায়ৰ লক ডাউন। অসমতো সষ্টম চৰকাৰৰ স্বাস্থ্যবিভাগ। দিন-ৰাতি একাকাৰ কৰি স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, পিযুষ হাজৰিকাই চলাইছে স্বাস্থ্য খণ্ড উন্নয়নৰ প্ৰচেষ্টা।
লক ডাউনৰ প্ৰভাৱত দেশ তথা ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত যিদৰে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে ঠিক সেইদৰে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষা বিভাগ তথা ছাত্ৰ-ছাত্ৰী সকল।
বিগত ২২ মাৰ্চৰ পৰা অদ্যপি ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বন্ধ ৰাখিব লগা হৈছে ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী স্কুল-কলেজ। ঘৰতে বহি পঢ়াশুনা কৰিছে ছাত্ৰ-ছাত্ৰী সকলে।কিন্তু শিক্ষা বিভাগৰো দ্বায়িত্বত থকা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো শিক্ষককে বিদ্যালয়ৰ পৰিৱৰ্তে ঘৰতে ওচৰ-চুবুৰীয়া ছাত্ৰ-ছাত্ৰীক সামাজিক দূৰত্ব ৰাখি পাঠদান কৰিবলৈ জনাইছিল আহ্বান। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰহাৰ বগৰিগুৰিৰ এহাল দম্পত্তীয়ে দেখুৱালে এক ব্যতিক্ৰমী নিৰ্দশন।
ৰহা বগৰিগুৰিৰ নিবাসী যুৱক তথা জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষক পৰাগ তামুলীয়ে লকডাউনৰ সময়খিনিত চুবুৰীয়াৰ আঠজনকৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মাতি আনি পুৱাৰ ভাগত ঘৰৰ চোতালতে কৰিছে বিজ্ঞান বিভাগৰ পাঠদান। শিক্ষক পৰাগ তামুলীয়ে এই পাঠদানৰ লগতে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও ভিডিঅ’ ক্লাছৰ দ্বাৰা চলাইছে পাঠদান। ইয়াৰ লগতে তামুলীৰ শিক্ষয়িত্ৰী পত্নী তথা মৰিগাঁও জিলাৰ পলাহজুৰি এলপি স্কুলৰ শিক্ষয়িত্ৰী জাহ্নবী গগৈয়েও একেদৰে বিয়লি বেলা চুবুৰীয়া প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক কৰিছে পাঠদান। ফলত গাঁওখনত এক সুকীয়া পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে।
শিক্ষক পৰাগ তামুলীৰ ভাষ্য অনুসৰি কৰ্মক্ষেত্ৰ তথা বিদ্যালয়ৰ পাঠদান সাময়িক ভাৱে বন্ধ থকাত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে। এই অসুবিধা সমূহ দূৰীকৰণ কৰিবলৈ বিভিন্ন মাধ্যমেৰে চেষ্টা অৱ্যাহত আছে যদিও ইয়াৰ ভিতৰত কিছু বিশেষ শিক্ষাৰ্থী আছে যিয়ে এইবোৰৰ দ্বাৰা সম্পূৰ্ণকৈ আয়ত্ত কৰিব নোৱাৰে।তদুপৰি সময় কমি গ’লে ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত আৰু অধিক বোজা পৰিব। সেহে নিজস্ব ধ্যান ধাৰণাৰ লগতে শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দুয়ো ঘৰৰ চোতালৰ গছৰ তলতে আৰম্ভ কৰা হৈছে পাঠদান। ইয়াৰে পুৱাৰ ভাগত দশম শ্ৰেণীৰ পাঠদান আৰু বিয়লি প্ৰাথমিক শ্ৰেণীৰ পাঠদান চলাইছে দম্পতীয়ে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকল কিছু উপকৃত হ’ব বুলিও মন্তব্য কৰে। শিক্ষক দম্পতী পৰাগ তামুলী আৰু জাহ্নবী গগৈৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।