নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত দেশৰ সাধাৰণ নিৰ্বাচনঃ বৰপেটা লোকসভা সমষ্টিত অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰাৰ বাবে বিজেপিৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদে এইবাৰ আগতীয়াকৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। নিৰ্বাচনলৈ মাজত প্ৰায় দুটা বছৰ থকাৰ সময়তে আঞ্চলিকতাবাদী দলটোৱে সমষ্টিটোত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত দলটোৰ নৱনিযুক্ত উপ-সভাপতি বিশিষ্ট শিক্ষাবিদ ড৹ ৰণজিৎ ডেকাই বৰপেটা লোকসভা সমষ্টিৰ চুকে কোনে সোমাই ৰাজহুৱা সভা-সমিতি, সাংগঠনিক সভা আদি অনুষ্ঠিত কৰি দলটোৰ প্ৰতি ৰাইজৰ আকৰ্ষণ আৰু আস্থা বৃদ্ধি কৰাত বিশেষ তৎপৰতা অবলম্বন কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বিজেপিৰ সৈতে মিত্ৰজোঁটত থকাৰ বাবেই অগপৰ প্ৰতি একাংশ সংখ্যালঘু ৰাইজৰ মোহভংগ হৈছিল৷ এনে এক প্ৰেক্ষাপটতে সেইসকল ৰাইজ আৰু নেতা-কৰ্মীক বুজাই পৰাই পুনৰ দললৈ ওভোতাই অনাৰ বাবে সংখ্যালঘু অধ্যুক্ষিত অঞ্চলসমুহলৈ গৈ ড৹ ডেকাই বিশেষ জোৰ দিয়া দেখা গৈছে৷ আজি একালৰ আঞ্চলিকতাবাদৰ অভেদ্য দুৰ্গ হিচাপে খ্যাত পাটাছাৰকুছি সমষ্টিত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতি সভা। সমষ্টিটোৰ পাঠশালাৰ নৈবেদ্য বিবাহ ভৱনত অনুষ্ঠিত এই সভাত অগপৰ আগন্তুক ৩৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বৰপেটাত অনুষ্ঠিত কৰাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰস্তুতি সভা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা হয়৷ আজিৰ সভাত বৰপেটাত অনুষ্ঠিতব্য অগপৰ প্ৰতিষ্ঠা দিৱসত এক লক্ষাধিক ৰাইজক সমবেত কৰি একপ্ৰকাৰ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই দলটোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰিব বুলি আলোচনা কৰে৷ আজিৰ প্ৰস্তুতি সভাৰে অগপৰ হৃত গৌৰৱ পুনৰুদ্ধাৰ কৰি বৰপেটা লোকসভা সমষ্টি দখলত যুদ্ধংদেহী মনোভাৱেৰে নেতা কৰ্মীসকল নামি পৰা বুলি দলটোৰ জেষ্ঠ নেতা ভূপেন ৰায়, অমিয় তালুকদাৰ, ধ্ৰুবজ্যোতি তালুকদাৰ, মনোৰঞ্জন দাস, তাৰাপ্ৰসাদ দাস, ড৹ ৰণজিৎ ডেকা সমন্বিতে বহু জেষ্ঠ্য- কনিষ্ঠ নেতা কৰ্মীয়ে মন্তব্য কৰি বৰপেটা লোকসভা সমষ্টি দখল কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like