নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ উত্তৰ-পূৱ ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিছনৰ উদ্যোগত ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে আজি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে বিদ্যালয় প্রাঙ্গণত পুৱা চাফাই কাম, গছপুলি ৰোপণ, পতাকা উত্তোলন কাৰ্য্যসূচী সমাপন কৰাৰ পাছত বিয়লি ২ বজাত মিছনৰ নগাঁৱস্থিত মুখ্য কাৰ্য্যালয়ৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত মুকলি সভা অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত শংকৰ মিছনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে মিশ্যনৰ যুটীয়া সম্পাদক প্রদীপ কুমাৰ শ‍ইকীয়াই। শ্ৰীমন্ত শংকৰ মিছনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্ম্মাই আঁতধৰা সভাখনৰ আৰম্ভনিতে এটি দেশ প্রেমমূলক গীত পৰিবেশন কবে মিশ্যনৰ বালভৱনৰ ট্ৰেন মীনাপ্ৰভা বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে বিশিষ্ট ক্রীড়া সংগঠক,অৱসৰপ্ৰাপ্ত শিক্ষক শশীন্দ্ৰ দেৱ মহন্ত আৰু শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰাক্তন উপসভানেত্রী মাধন শ‍ইকীয়াই । সভাত শ্ৰীমন্ত শঙ্কৰ মিশ্যানৰ সদস্য, বিশিষ্ট সমাজকৰ্ম্মী পল্লৱ বৰুৱা, ইন্দ্ৰমোহন বৰা, মুক্তি বৰা, ফনীধৰ বেজবৰুৱা, দিলীপ কুমাৰ বৰা আৰু হীৰণ্য বল্লভ গোস্বামীয়ে অংশ গ্ৰহণ কৰে। সভাত বিদ্যালয়খনৰ ছাত্ৰী একাদশী মণ্ডলে গীত পৰিবেশন কৰি সকলোকে মোহিত কৰে। পুৱা পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰ মিছনৰ সভাপতি প্ৰেমেশ্বৰ দাসে। শ্রদ্ধাঞ্জলি কাৰ্য্যসূচী শোভাৰম্ভ কৰে সমাজ সেৱিকা মাধন শ‍ইকীয়াই আৰু বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি লোকসেৱক হলধৰ ভূঞা আৰু সম্পাদক ডাঃ ললিত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মিছনৰ যুটীয়া সম্পাদক প্রদীপ কুমাৰ শ‍ইকীয়া আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাই।

প্ৰেৰক কনক হাজৰিকা

You might also like