নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদূলিতে ভেটা দিব লাগিব জাতিৰ শত্রুক

মৰিগাঁৱৰ বিহুতলীত অসম জাতীয় পৰিষদৰ সভাত সভাপতি লুৰিণজ্যোতি

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ ধর্মীয় মেৰুকৰণেৰে জাতিৰ অস্তিত্ব বিলুপ্ত কৰিব খোজা শত্রুক আমি পদূলিমুখতে ভেটা দিব লাগিব৷ নহ’লে সেই শত্রুৱে আমাৰ ঘৰৰত সোমাবলৈ সক্ষম হ’লে আমাৰ নিস্তাৰ নাই৷ অসম জাতীয় পৰিসদৰ মৰিগাঁও বিধানসভা কমিটীৰ উদ্যোগত সোমবাৰে মৰিগাঁও নগৰৰ বিহুতলীত আয়োজন কৰা অসম জাতীয় পৰিসদৰ জনজাগৰণ সভাত এই মন্তব্য কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ অজাপৰ সভাপতি গগৈয়ে কয়– আমি কাৰো বি টীম নহয়, আমি ‘এ’ টীম৷ গগৈ, কলিতা, শর্মা, ৰাভা, বডো, তিৱা উপাধিৰ ৰাজনীতিত আমি বিশ্বাসী নহয়৷ মৰিগাঁও জিলা সমিতিৰ সভাপতি অৰবিন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে অন্যতম আহ্বায়ক জয়ন্ত ডেকাই৷

গগৈয়ে কয় যে কংগ্রেছ, বিজেপি, এ আই ইউ ডি এফৰ সাম্প্রদায়িক ৰাজনীতি প্রতিৰোধ কৰি অসমত জাতীয়তাবাদ প্রতিষ্ঠা কৰাই অসম জাতীয় পৰিসদৰ লক্ষ্য৷ তেওঁ কয় যে ‘কা’ৰ জৰিয়তে বিজেপিয়ে অসমৰ জনগাঁথনিলৈ সংকট নমাই আনিছে৷ জাতীয় জাগৰণ সমাৱেশত উপস্থিত থাকে চিমল দেউৰী, মুখপাত্র জিয়াউৰ ৰহমান, অদীপ কুমাৰ ফুকন, বাণী দাস, জিতেন্দ্র কুমাৰ ডেকা, উপেন নাথ, উপ–সভাপতি ৰবীন দত্ত, নাৰী শক্তিৰ আহ্বায়িকা কাকলি বৰা, ড০ নীল দাস, লাহৰীঘাট সমষ্টি সমিতিৰ সভাপতি ৱাহিদুৰ ৰহমান৷ এই সভাতে ১৫০০ লোকে অসম জাতীয় পৰিসদত যোগদান কৰে৷

You might also like