নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামভৰ্তিৰ মাচুল বৃদ্ধিঃ মাৰ্ঘেৰিটা মহাবিদ্যালয়ত ছাত্ৰ সমাজৰ ছাত্ৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ত আজি পুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ্ঘেৰিটা মহাবিদ্যায়ৰ ছাত্ৰ একতা সভাই। উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ত ষান্মাসিকৰ নামভৰ্তিৰ মাচুল অত্যাধিক বৃদ্ধিক লৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই সাব্যস্ত কৰে এই প্ৰতিবাদ। বিগত দুবছৰ ধৰি ক’ৰোণা মহামাৰীৰ ফলত দেশৰ জনসাধাৰণ একেবাৰে আৰ্থিকভাবে দুৰ্বল হৈ পৰাৰ সমান্তৰালকৈ দুখীয়া জনসাধাৰণে অত্যাধিক খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বৃদ্ধিত ককবকাই থকা বুলি অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়লয় খনৰ প্ৰতিবাদী ছাত্ৰ নেতা বাবুল সোনোৱালে মাৰ্ঘেৰিটা মহাবিদ্যালয়খনৰ নাম ভৰ্তিৰ মাচুল হ্ৰাস কৰিবৰ বাবে দাবী জনায়। বিশ্ববিদ্যালয় তথা মহাবিদ্যালয় কৰ্তৃপক্ষই এই দাবী সমূহ শীঘ্ৰে সমাধান নকৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ত গণতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে। অন্যহাতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতিয়ে ছাত্ৰ একতা সভাই উত্থাপন কৰা মূল্যবৃদ্ধিৰ অভিযোগৰ প্ৰাসংগিকতা আছে বুলি ব্যক্ত কৰাৰ বিপৰীতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্তকো মানিবলৈ বাধ্য হব বুলি উল্লেখ কৰে। লগতে ছাত্ৰ একতা সভাই তিনিমাহৰ পাঠদানৰ বিপৰীতে ছমাহৰ মাচুল লোৱা বুলি কৰা অভিযোগৰ বিষয়টোৰ সন্দৰ্ভতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু চৰকাৰক অৱগত কৰিব বুলি আজিৰ প্ৰতিবাদ স্থলীত উপস্থিত হৈ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰি চৰকাৰৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিব বুলি জানিবলৈ দিয়ে। ইপিনে আজি প্ৰতিবাদৰ অন্তত সমস্যা সমাধানৰ দাবীৰে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈও পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like