নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও পৌৰসভাই নতুনকৈ ক্ৰয় কৰা বাহন ৰাইজৰ বাবে মুকলি বিধায়ক ৰূপক শৰ্মাৰ

বিশেষ বাৰ্তা, ২৬ আগষ্ট: নগাঁও চহৰক পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে পৌৰসভা এলেকাৰ বাসিন্দা সকলৰ সুবিধাৰ্থে নগাঁও পৌৰসভাই নতুনকৈ ক্ৰয় কৰা চাৰিখনকৈ বাহন আজি ৰাইজৰ বাবে মুকলি কৰা হয়। উল্লেখ্য যে নতুনকৈ গঠন হোৱা নগাঁও পৌৰসভাই স্বচ্ছ ভাৰত মিচন আচঁনিৰ অধীনত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে এখন জেচিবি, দুখন ট্ৰিপিৰ আৰু এখন টেক্টৰ ক্ৰয় কৰে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজি বাহন চাৰিখন নগাঁও পৌৰসভা এলেকাৰ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰে। আনহাতে নগাঁও পৌৰসভাই নগাঁও চহৰক সেউজ আৰু সুন্দৰ কৰি ৰখাৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপক বিধায়ক শৰ্মাই প্ৰশংসা কৰাৰ লগতে চহৰখনক পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে পৌৰসভাবাসী ৰাইজৰ সহযোগিতা বিচাৰে। আনহাতে নগাঁও পৌৰসভাই ব্যক্তিগত ভাবে ক্ৰয় কৰা চাৰিওখন বাহন ৰাইজৰ সেৱাত মুকলি কৰি যথেষ্ট সন্তোষ লাভ কৰা বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। আজিৰ এই কাৰ্যসূচীত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপপৌৰপতি সীমান্ত বৰা,পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজ শৰ্মা প্ৰমুখ্যে পৌৰসভাৰ পৌৰ আয়ুক্ত সকল আৰু বিষয়ববীয়াসকল উপস্থিত থাকে‌।

প্ৰেৰক কনক হাজৰিকা

You might also like