অবৈধ কয়লা খনন, সৰবৰাহ বন্ধ, বনজ সম্পদ ৰক্ষা, যানজঁট নিয়ন্ত্ৰণৰ দাবীত মাৰ্ঘেৰিটাত স্মাৰক পত্ৰ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত চলি থকা অবৈধ কয়লা খনন, জনজট নিয়ন্ত্ৰণ, বনজ সম্পদ ৰক্ষাৰ দাবীত আজি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ যে চলিত মাহৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ নামদাং, আৰধৰা, বৰগোলাই,লিডু, বৰমগাৰা, লালপাহাৰ, টিপং, পাহাৰপুৰ, জাগুন, লেখাপানী আদি অঞ্চলত ব্যাপক হাৰত কয়লাৰ অবৈধ্য খনন, মজুত কৰণ আৰু অবৈধ্য সৰবৰাহ দৰে ঘটনা ঘটি আছে। ইয়াৰে পৰিপেক্ষতিত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। লগতে অত্যাধিক যান-যঠৰ ফলত সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈছে। ইয়াৰ লগতে ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাৰ কাৰণে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য প্ৰতি চৰম ভাবুকি নামি আহিছে। যোৱা ৩ ডিচেম্বৰ তাৰিখে বৰগোলাই এন আৰ এল পেট্ৰেল পাম্পৰ সন্মুখত অবৈধ্য কয়লা সৰবৰাহ কৰা NL 01 AA 4142 নম্বৰ এখন ট্ৰাকে বৰগোলাই অঞ্চলৰ মন বাহাদুৰ প্ৰধান(৬০) নামৰ লোক জনক মহিতিয়াই নিয়াৰ ফলত তেখেতৰ দুৰ্ভাগ্যজনক ভাৱে মৃত্যু হয়। তেখেতৰ মৃত্যুত আজি স্মাৰক পত্ৰ প্ৰদান কৰা নেতৃত্বই শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবীও জনায় । ইয়াৰ উপৰিও ১০ ডিচেম্বৰ তাৰিখে মাৰ্ঘেৰিটা বৌদ্ধ মন্দিৰৰ সমীপত অবৈধ কয়লা সৰবৰাহ কৰা AS23 BC 9588 নম্বৰ এখন ডাম্পাৰে পথৰ কাষৰ বৈদ্যুতিক খুটাত খুন্দিয়াই ভাঙে ফলত স্থানীয় নিখিল দেৱনাথ(৬৫) নামৰ এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয়।
ইতিমধ্যে এই ঘটনাৰ লগতে অবৈধ কয়লা সৰবৰাহ আৰু যান-যঠৰ বন্ধৰ দাবীত তিনিটাকৈ সংগঠন ক্ৰমে সদৌ অসম আহোম সভা মাৰ্ঘেৰিটা জিলা সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা তথা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাত ১০ ডিচেম্বৰ ২০২২ তাৰিখে এজাহাৰ প্ৰদান কৰে । এই সনন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানা গোচৰ নং ৩২৫ / ২০২২ পঞ্জিয়ন কৰিছে। অন্যহাতে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰীৰ নিৰ্দেশ নং No MRJ. 1/2006/Pt/151/3031 জৰিয়তে ডিগবৈ বন সংমণ্ডলৰ অধিনৰ লেখাপানী ৰেঞ্জৰ অন্তৰ্গত লেখাপানী ৰিজাৰ্ভ ফৰেষ্ট, টিৰাপ ৰিজাৰ্ভ ফৰেষ্ট আৰু টিপং ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত জংঘল কটা, বনজ সম্পদ ধ্বংস কৰা, গছ কটা, চিকাৰ কৰা আৰু অবৈধ কয়লা খনন আৰু কয়লা সৰবৰাহ নিষিদ্ধ কৰি সেই এলেকাবোৰত চিআৰপিচি ৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে যদিও মহকুমা প্ৰশাসনৰ জাননীক অংগুষ্ঠ প্ৰৰ্দশন কৰি সকলো বেআইনী কাৰ্য্যকলাপ একাংশ বন আৰু কয়লা মাফিয়েই চলাই থকা অভিযোগ উত্থাপন কৰিছে স্মাৰক পত্ৰৰ জৰিয়তে । সন্ধিয়াৰ পৰা সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাৰ অধিনস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা সৰবৰাহ কৰা ট্ৰাক সমূহে ব্যাপক ৰূপত যানজত সৃষ্ট কৰাৰ ফলত সাধাৰণ জনসাধাৰণ চলা-ফুৰা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা সৃষ্ট হৈছে। আজি ক্ৰমে টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, সদৌ অসম আহোম সভা মাৰ্ঘেৰিটা জিলা সমিতি, আছা তিনিচুকীয়া জিলা সমিতি আৰু ছাত্ৰ মুক্তি কেন্দ্ৰীয় সমিতিৰ যৌথ ভাৱে মাৰ্ঘেৰিটা মহকুমাধিপতি জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি উপাৰোক্ত সকলো অবৈধ কাৰবাৰ বন্ধৰ দাবী জনোয় । আজি স্মাৰক পত্ৰ প্ৰদান কাৰ্য্যসূচীত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি পাপু দত্ত, আছাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জ, সভাপতি এলৰ্বট ঔৰিয়া, সদৌ অসম আহোম সভাৰ মাৰ্ঘেৰিটা জিলা সমিতিৰ সভাপতি চাও ৰুবুল ফুকন, টাইপাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চাও অজিত বেজবৰুৱা উপস্থিত থাকে।
মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা