বিয়া খাবলৈ গৈ বন্যহস্তীৰ হাতত প্ৰাণ গ’ল এজনৰ
নিয়মীয়া বাৰ্তা ,৯ অক্টোবৰঃ পূৱ গোৱালপাৰাৰ পশ্চিম মাটিয়াত আজি বন্যহস্তীৰ আক্ৰমণত এগৰাকী লোক নিহত হোৱাৰ ঘটনাই শোকৰ ছা পেলাইছে সমগ্ৰ অঞ্চলটোত ৷ নিহত লোকজন মৰনৈৰ প্ৰদীপ দাস বুলি চিনাক্ত কৰা হৈছে ৷
জানিবপৰা মতে, মৰনৈ গাঁৱ পঞ্চায়তৰ সদস্য তথা মৰনৈৰ বাসিন্দা প্ৰদীপ দাসে বিয়া খাবলৈ গৈছিল পশ্চিম মাটিয়াত ৷ বিবাহস্থলীৰ পৰা কিছু নিলগত প্ৰদীপ দাসক ৰাজপথতে আক্ৰমণ কৰে বন্যহস্তীয়ে ৷ ফলত থিতাতে নিহত হয় লোকজন ৷ পাছত ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷