নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকিয়াজুলিত শূন্যলৈ গুলী ফুটাই এটিএমৰ পৰা ধন লুট কৰি পলায়ন কৰিলে দুৰ্বৃত্তই

 

বিশেষ বাৰ্তা,ঢেকিয়াজুলি,৯ অক্টোবৰ :
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত চিৰাজুলিত বাইকত অহা চাৰি দুৰ্বৃত্তই শূন্যলৈ তিনিজাঁই গুলী ফুটাই চিৰাজুলিস্থিত এছ বি আইৰ এটা এটিএমৰ পৰা বৃহৎ পৰিমাণৰ ধন লুট কৰি নিয়া ঘটনাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত৷

ঘটনাৰ বিৱৰণী অনুসৰি চিৰাজুলিস্থিত এছ বি আইৰ এটা এটিএমত টকা ভৰাবলৈ প্ৰৱেশ কৰিছিল এছবিআইৰ তিনিগৰাকী কৰ্মচাৰী৷ বাহিৰত ৰৈ আছিল এগৰাকী বন্দুকধাৰী চিকিউৰিটি গাৰ্ড৷ সেই সময়তে এটিএমৰ সন্মুখত উপস্থিত হ’ল বন্দুকধাৰী চাৰি দুৰ্বৃত্ত৷প্ৰথমে বন্দুকধাৰী দুৰ্বৃত্তই এটিএমৰ বাহিৰত ৰৈ থকা চিকিউৰিটি গাৰ্ডক প্ৰহাৰ কৰি গাৰ্ডজনৰ হাতত থকা একনলীয়া বন্দুকটো কাঢ়ি লৈ এটিএমৰ ভিতৰত প্ৰৱেশ কৰি এক ৰাউণ্ড গুলীচালনা কৰি এছবিআইৰ কৰ্মচাৰীয়ে এটিএমটোলৈ কঢ়িয়াই অনা টকাৰ ট্ৰাংকৰ পৰা বৃহৎ পৰিমাণৰ ধন লুট কৰি নিয়ে৷ শূন্যলৈ দুঁজাই গুলীচালনা কৰি দুৰ্বৃত্তৰ দলটোৱে নিৰ্বিঘ্নে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পোৱাল হাজৰিকাই উক্ত ঘটনাত ৰহস্যৰ গোন্ধ পোৱা বুলি মন্তব্য কৰিলে সংবাদমাধ্যমত ৷ শনিবাৰে বিয়লি চিৰাজুলিত প্ৰায় ৫ বজাত বিশাল জনসমাগমৰ মাজতে দুৰ্বৃত্তই সংঘটিত কৰা এটিএমৰ ধন লুট কৰা ঘটনাত সন্দেহ আছে বুলি কৈ এইক্ষেত্ৰত টকা কঢ়িয়াই অনা ষ্টাফক তদন্তৰ আওঁতালৈ অনা হ’ব বুলি মন্তব্য কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে ৷

– কল্পজ্যোতি নাথ,ঢেকিয়াজুলি

You might also like