নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালী কুঁহিয়াৰবাৰীত আচিনাক্ত মৃতদেহ উদ্ধাৰ

মূল্যহীন হৈ পৰিছে মানৱ জীৱন

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰ : বিহালীৰ জিনজিয়া থানাৰ অন্তৰ্গত কুঁহিয়াৰবাৰীত ৰাষ্ট্ৰীয় ঘাঁই পথৰ দাঁতিত আজি অচিনাক্ত মৃতদেহ এটি উদ্ধাৰ হয়। প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে, কুঁহিয়াৰবাৰীৰ জিৰণি চ’ৰাৰ কাষত পুৱাৰে পৰা ব্যক্তি জনক শুই থকা অৱস্থাত দেখা গৈছিল। কিন্তু কোনো কাষ চাপি গৈ উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা নাছিল। পিছত দিনৰ একমান বজাত ব্যক্তিজনৰ মৃত্যু হয় বুলি কোৱা হৈছে। ব্যক্তিজন কোন, ক’ৰ আহিছে চিনাক্ত হোৱা নাই।

বিষয়টো জিনজিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষী আহি মৃতদেহটি উদ্ধাৰ কৰি আচিনাক্ত হিচাপে মাৰণোত্তৰ পৰীক্ষাৰ আদিৰ ব্যৱস্থা কৰি জিলা উপায়ুক্তৰ অনুমতি সাপেক্ষে ৭২ ঘন্টা মাৰ্গত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ চুটিয়াই জানিব দিছে। ব্যক্তি গৰাকীৰ আলোকচিত্ৰৰ সহায়ত যদি কোনো সম্ভেদ ওলাই তেন্তে জিনজিয়া আৰক্ষীৰে যোগাযোগ কৰিব পাৰিব অন্যথা আচিনাক্ত হিচাপে বিহীত ব্যৱস্থা কৰা হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।
অমিতাভ বৰুৱা বৰগাং

You might also like