নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকত বিধায়ক কমলাক্ষ-জিলা সভাপতিৰ সমৰ্থকৰ হতাহতি

✅সাংসদ গৌৰৱ গগৈৰ কনভয়ত ভয়ংকৰ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : বৰাকত আজি কংগ্ৰেছ কৰ্মীৰ এক অথন্তৰৰ সৃষ্টি হয়। এই হতাহতিত লিপ্ত হয় দুই কংগ্ৰেছী পক্ষই। তাকো কংগ্ৰেছৰ দুই শীৰ্ষস্থানীয় নেতাৰ সন্মুখতে। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি। বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু সভাপতি অভিজিৎ পালৰ সমৰ্থকৰ মাজত হতাহতি। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ উপস্থিতিতে কংগ্ৰেছ সমৰ্থকৰ মাজত হতাহতি হয়। কিন্তু সাংসদ গৌৰৱ গগৈৰ উপস্থিতিৰ সময়ত প্ৰচন্ড ভিৰৰ ফলত ঠেলা ধাক্কাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বুলি যুৱ কংগ্ৰেছীয়ে জানিবলৈ দিয়ে। আনহাতে বৰাকত সাংসদ গৌৰৱ গগৈৰ কনভয়ত  ভয়ংকৰ  দুৰ্ঘটনা সংঘটিত হৈছে । তীব্ৰগতিত অহা কনভয়ত থকা এখন বাহনৰ খুন্দা সম্মুখত থকা আনখন বাহনত। দুৰ্ঘটনাৰ কৱলত পৰিল প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন। আহত মহিলাসহ কেইবাজনো কংগ্ৰেছ কৰ্মী। উল্লেখ শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ পৰা সাংসদ গৌৰৱ গগৈক প্ৰায় শতাধিক বাহনে সমদল কৰি কংগ্ৰেছ ভৱনলৈ লৈ অহাৰ সময়ত শিলচৰ বিমানবন্দৰ পথৰ ময়নাৰবন্দ দলঙত এই দুৰ্ঘটনা সংঘটিত হয়। সমদল থকা বিলাসী বাহনসমূহ তীব্ৰগতিত যোৱাৰ সময়ত হঠাৎ এখন বাহনে সম্মুখত থকা আনখন বাহনত খুন্দা মাৰে। ফলত প্ৰায় ১০খন বিলাসী বাহনৰ ব্যাপক ক্ষতি হয়। বাহনকেইখনৰ মাজত এখন বাহন আছিলে প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ। ভয়ংকৰ এই দুৰ্ঘটনাত মহিলাসহ প্ৰায় ৭জন কংগ্ৰেছ কৰ্মী। ভয়ংকৰ এই দুৰ্ঘটনাৰ পাছত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহ উদ্ধাৰ কৰি লৈ যায়। অবশ্যে সাংসদ গৌৰৱ গগৈৰ বাহনৰ কোনো ক্ষতিন হোৱা নাই।  উল্লেখ্য যে গৌৰৱ গগৈ আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি.ভি মঙলবাৰে কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মী আৰু সমৰ্থকে উষ্ম আদৰণি জনায়। পিছত বিমানবন্দৰৰ পৰা শিলচৰলৈ যোৱা বাটত  উধাৰবন্দৰ কাচাঁকান্তি মন্দিৰত গৌৰৱ গগৈয়ে পূজা দিয়ে। পূজা দি পিছত  সাংসদ গৌৰৱ গগৈক প্ৰায় শতাধিক ৱাহনে সমদল কৰি কংগ্ৰেছ ভৱনত লৈ অহাৰ সময়ত  ময়নাৰবন্দ দলংত এই দুৰ্ঘটনা সংঘটিত হয়। ইপিনে কংগ্ৰেছ ভৱনৰ পৰা এখন বিশাল ‘ইউথ জোৰো  যাত্ৰা’ত সাংসদ গৌৰৱ গগৈ, যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিবি,  বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ, কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পাল, কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ, প্ৰাক্তন মন্ত্ৰী অজিত সিংকে ধৰি তিনিখন জিলাৰ  কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।এই যুৱ জোৰো যাত্ৰা শিলচৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ শিলচৰ চহৰৰ বিভিন্ন পথ পাৰ হৈ পুনৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত শেষ হয়। আজিৰ দিনটোত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰা দেখা যায়। ইয়াৰ পূৰ্বে আজিৰ দিনটোতে শিলচৰ ইন্দিৰা ভৱনত সাংসদ গৌৰৱ গগৈ আৰু যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিবিৰ হাত ধৰি ৬০ জন লোকে বিজেপি ত্যাগ কৰাৰ লগতে ৮জন এ আই ইউ ডি এফ দলৰ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।  পিছত সাংবাদিকৰ মুখামুখি হৈ গৌৰৱ গগৈয়ে কয়,  ভাৰতবৰ্ষ তথা অসমৰ যুৱ সমাজ নিবনুৱা সমস্যাত হতাশাত ভুগিছে। এনে সময়তে যুৱ কংগ্ৰেছে ‘ইউথ জোৰো যাত্ৰা’ কাৰ্যসূচীৰে সমাজত এটা বাৰ্তা দিব বিচাৰিছে। ইয়াৰ পূৰ্বে ‘ভাৰত জোৰো যাত্ৰা’ৰ মাজেৰে ৰাহুল গান্ধীৰ প্ৰতি যুৱ সমাজ আকৰ্ষিত হৈছে। ইয়াৰ প্ৰমাণ আজি শিলচৰত প্ৰমাণিত হৈছে। হাজাৰ হাজাৰ যুৱক আজি ‘ইউথ জোৰো যাত্ৰা’ত ওলাই আহিছে। এয়া কংগ্ৰেছৰ বাবে এটা শুভ বাৰ্তা বুলি তেওঁ কয়। গৌৰবে কয়, এইখন চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ নহয়। এইখন চৰকাৰে দুখীয়া ৰাইজৰ ওপৰত বিদ্যুতৰ মাচুল বৃদ্ধি ,জিএছটি বৃদ্ধি,টোল গেট ইত্যাদিয়ে দুখীয়া ৰাইজক জুৰুলা কৰিছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে।
You might also like