হত্যা নে আত্মহত্যা! শুৱালকুছিত অন্তঃসত্ত্বা বোৱাৰীৰ মৃত্যুক লৈ তীব্র উত্তেজনা
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ শুৱালকুছি থানাৰ অন্তর্গত সৰুলাহত যোৱানিশা এগৰাকী অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্র অঞ্চলত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা অন্তঃসত্ত্বা বোৱাৰীগৰাকী হ’ল সৰুলাহৰ ৰবীন দাসৰ পুত্র কার্তিক দাসৰ পত্নী পিকুমণি দাস ৷ কালি সন্ধিয়াও এই ঘটনাক লৈ সৰুলাহত তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে বোৱাৰীগৰাকীৰ মৃতদেহ স্বামীগৃহৰ চোতালত সৎকাৰ কৰিব বিচৰাত তীব্র বাক্–বিতণ্ডাৰ সৃষ্টি হয়৷ অৱশেষত আৰক্ষীৰ হস্তক্ষেপত স্বামীগৃহৰ পিছফালৰ চৌহদত পিকুমণিৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷
ঘটনা সন্দর্ভত জানিব পৰা মতে, হাজো থানাৰ অন্তর্গত বৰদধিৰ দীনেশ দাসৰ কন্যা পিকুমণি দাসৰ সৰুলাহ নিৱাসী স্বাস্থ্য বিভাগৰ কর্মচাৰী ৰবীন দাসৰ বৰপুত্র কার্তিক দাসৰ সৈতে চলিত বর্ষৰ মার্চ মাহত সামাজিকভাৱে বিয়া হয়৷ বিয়াৰ কিছুদিন সকলো ঠিকে থাকে যদিও সময় যোৱাৰ লগে লগে তেওঁলোকৰ সাংসাৰিক জীৱনত সংঘাত আহি পৰে৷ বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে অভিযোগ কৰা মতে, বিবাহৰ পিছৰে পৰা স্বামীৰ পৰিয়ালে মহিলাগৰাকীৰ ওপৰত যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক নির্যাতন চলাই আহিছিল৷ পিকুমণিৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোৱা মাত্রে স্বামীৰ গৃহত উপস্থিত হোৱা পৰিয়ালে অভিযোগ কৰে যে স্বামী কার্তিক দাস আৰু পৰিয়ালৰ লোকে মিলি পাঁচ মাহৰ অন্তঃসত্ত্বা পিকুমণি দাসক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব বিচাৰিছে৷
লগতে পঢ়কঃ মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?
ঘটনা সন্দর্ভত পিকুমণিৰ দদায়েক কিশোৰ দাসে মৃত বোৱাৰীগৰাকীৰ স্বামী কার্তিক দাস, শহুৰ ৰবীন দাস, দেওৰ মুকুন্দ মাধৱ দাস, হাজোৰ মালীটোলাত বিয়া দিয়া বায়েক দীপুমণি দাস, তেওঁৰ স্বামী উৎপল দাসে পূর্বপৰিকল্পিতভাৱে বোৱাৰীগৰাকীক হত্যা কৰিছে বুলি দাবী কৰিছে৷ এই সন্দর্ভত দদায়েক কিশোৰ দাসে শুৱালকুছি থানাত দিয়া এজাহাৰত উল্লেখ কৰা মতে, দুদিন পূর্বে স্বামী কার্তিক দাসে পিকুমণি দাসক ৰডেৰে ঘৰৰ চোতালত ঝাডু দি থকা অৱস্থাত কোবোৱা ঘটনা প্রত্যক্ষ কৰি একাংশ স্থানীয় লোকে কার্তিকক হকাবধা কৰিবলৈ গৈছিল যদিও ওলোটাই তেওঁলোককহে ডাবি–ধমকি দি ওভতাই পঠিয়াই দিয়ে৷
ইফালে এই খবৰ পিতৃগৃহ হাজোৰ বৰদধি অঞ্চলত সদৰী হোৱাত কালি নিশাৰ ভাগতেই স্বামী কার্তিক দাসৰ ঘৰত উপস্থিত হোৱা বহুসংখ্যক লোকে পিকুমণি দাসৰ ৰহস্যজনক মৃত্যুক কেন্দ্র কৰি বাসগৃহ ঘেৰাও কৰাত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হয়৷ এই খবৰ লাভ কৰি শুৱালকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি ক্ষান্ত কৰিবলৈ চেষ্টা কৰিও বিফল হোৱাত অর্ধসামৰিক বাহিনী মোতায়েন কৰি তিনিখনকৈ থানাৰ আৰক্ষীৰ সহায় লৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
লগতে পঢ়কঃ এটা পাৰ চৰাই; যি বিক্ৰী হ’ল ১৪ কোটি টকাত… কিন্তু কিয়?
আন এক অভিযোগ অনুসৰি নিশা পিকুমণি দাসৰ স্বামী কার্তিক দাসে শুৱালকুছি থানাত পত্নী পিকুমণি দাসে আত্মহত্যা কৰা বুলি খবৰ দিবলৈ আহে৷ পিছত আৰক্ষীয়ে পিংকুমণিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কালি জি এম চি এইচলৈ প্রেৰণ কৰে৷ বর্তমানেও অঞ্চলটোত উত্তেজনা অব্যাহত আছে৷ মৰণোত্তৰ পৰীক্ষাতহে প্রকৃত ঘটনা পোহৰলৈ আহিব৷ ইফালে কালি নিশা কার্তিক দাসৰ পৰিয়ালৰ অভদ্র আচৰণে উপস্থিত ৰাইজক ক্ষুব্ধ কৰি তোলে৷ ৰাইজে এই ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ তদন্ত দাবী কৰিছে৷