নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা পাৰ চৰাই; যি বিক্ৰী হ’ল ১৪ কোটি টকাত… কিন্তু কিয়?

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: বেলজিয়ামৰ এটা ৰেচাৰ পাৰচৰাই অভিলেখ সৃষ্টি কৰি ১.৯ মিলিয়ন ডলাৰত বিক্রী হয়। দুই বছৰৰ এই মাইকী পাৰটোৰ নাম হৈছে নিউ কিম।

প্ৰথমে ইয়াক নিলামত ২৩৭ ডলাৰত ৰখা হৈছিল, কিন্তু তাৰ পাছত এজন চীনা ব্যক্তিয়ে ইয়াক ১.৯ মিলিয়ন ডলাৰত ক্ৰয় কৰে।

ভাৰতীয় মুদ্রাত এই পৰিমাণ হৈছে ১৪ কোটি ১৫ লাখৰো অধিক।

জানিব পৰা মতে, ৰেচিং চেম্পিয়ন পাৰ চৰায়ে ১০ বছৰলৈকে পোৱালি দিব পাৰে।

লগতে আপুনি পঢ়ি ভাল পাব পাৰে- সাগৰতলিলৈ গৈ চাব পাৰিব সঁচা টাইটানিক, কিমান হ’ব খৰচ?

সংবাদ সংস্থা ৰয়টাৰ্ছৰ খবৰ অনুসৰি, এই পাৰটোৰ গৰাকী কার্ট বাওভাৰে জনাইছে যে এই খবৰ শুনি তেওঁ আৰু তেওঁৰ পৰিয়াল হতবাক হৈ পৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অভিলেখ আছিল চাৰি বছৰীয়া এটা পাৰৰ নামত, যি ১৪ লাখ ডলাৰত বিক্রী হৈছিল।

You might also like