নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বৰঘাট বাইপাছত মৰণাস্ত্ৰ সহ এজন গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰ: নগাঁও আৰক্ষীয়ে ৩৭ নং আৰু ৩৬ নং ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্হল বৰঘাটত আজি অভিযান চলাই এজন দুৰ্ধষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষী উপ আৰক্ষী অধীক্ষক ত্ৰিদিপ কুঙবাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দিনৰ প্ৰায় ১বজাত বৰঘাট বাইপাচত অভিযান চলাই ডিমাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা অপৰাধী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধীজন হ’ল ডিমাপুৰৰ ছুপাৰ মাৰ্কেটৰ চংগ’চোৱেল নাইহতে (৩৫ )। আৰক্ষীয়ে অপৰাধীজনৰ হাতৰ পৰা এটা কাৰখানাত নিৰ্মিত • ৩২ পিষ্টল জব্দ কৰাৰ লগতে এন এল ০৭ ই বি ১৪৭১ নম্বৰৰ হুণ্ডা একটিভা স্কুটীখন জব্দ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা এটা ম’বাইল ফোন জব্দ কৰে। উল্লেখ্য , এই অপৰাধীজন ২০২০ চনত ডিফু থানাৰ এটা মাৰাণাস্ত্ৰৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰবাস খাটিছিল। চলিত বৰ্ষৰ জানুৱাৰী/ ফেব্ৰুৱাৰীত কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ মৰণাস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ লগত জড়িত হৈ পৰে। পূৰ্বতেও এই লোকজন এনে অবৈধ কাৰবাৰৰ লগত জড়িত আছিল

You might also like