নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়া থানাত DIG দিলীপ কুমাৰ দে ৰ পৰিদৰ্শন

নিয়মীয়া বাৰ্তা৪ ডিচেম্বৰ: পশ্চিম অসমৰ DIG ৰ দায়িত্বত থকা দিলীপ কুমাৰ দে’ আজি কলগাছিয়া আৰক্ষী থানা পৰিদৰ্শন কৰি বিভিন্ন পৰিস্থিতিৰ বুজ লয়। লগতে প্ৰায় দুঘণ্টা সময় কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সাংবাদিকৰ লগত সমাজৰ বিভিন্ন কুসংস্কাৰ আৰু অপৰাধ নিৰ্মূল সম্পৰ্কে আলোচনাত মিলিত হয়। বাল্য বিবাহ,নাৰী নিৰ্যাতন আদি সামাজিক ব্যধি দুৰ কৰিবলৈ হলে আৰক্ষীৰ উপৰিও সাংবাদিক আৰু সমাজ সচেতন ব্যক্তিয়েও আগভাগ লব লাগিব বুলি মন্তব্য কৰে DIG দিলীপ কুমাৰ দে। Encounter সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্ন সন্দৰ্ভত DIG গৰাকীয়ে কয় যে encounter কৰা কোনো এজন ব্যক্তিয়েই নিৰ্দোষী নহয়, প্ৰত্যেক জনে অপৰাধী। সাংবাদিক আৰু ৰাইজে আৰক্ষীক সহযোগ কৰিলেহে এখন অপৰাধ মুক্ত সুস্থ সমাজ গঢ়ি উঠা সম্ভৱ বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আৰক্ষী বিষয়া গৰাকীয়ে। অৱশ্যে বাল্যবিবাহ,ড্ৰাগছ আৰু চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত সাংবাদিক আৰু ৰাইজৰ পৰা ব্যাপক সঁহাৰি পোৱাৰ ইংগিত দিয়ে বিষয়া গৰাকীয়ে।

You might also like