নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনজনলৈ বিহুৱান বোৱাত ব্যস্ত নগাঁৱৰ জীয়ৰী–বোৱাৰী

অসমীয়াৰ প্রাণৰ ৰঙালী বিহুলৈ যে অধিক দিন নাই...

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ অসমীয়া জাতীয় জীৱনৰ স্পন্দন হেঁপাহৰ ব’হাগ বিহু সমাগত৷ প্রকৃতিয়ে প্রাণ পাই উঠিছে৷ নতুন ৰূপেৰে, নতুন সাজেৰে ব’হাগৰ বতৰা আনিছে প্রকৃতিয়ে৷ বসন্তৰ আগমনৰ লগে লগে গছ–বিৰিখত নতুনৈ মেলা পাতবোৰেৰে সুশোভিত হৈ পৰিছে প্রকৃতি৷ নাহৰ, কপৌ, খৰিকাজাঁই, তগৰ ফুলৰ সুবাসত চৌপাশ আমোলমোল৷ কুলি–কেতেকীৰ সুললিত মাতে কঢ়িয়াই আনিছে অসমীয়া জনজীৱনৰ আদৰৰ ৰঙালী বিহুৰ বতৰা৷ বিহুলৈ মাজত মাত্র ৫টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত এতিয়া অসমীয়াৰ গাত তৰণি নোহোৱা হৈছে৷ কি গাঁও, কি নগৰ–চহৰ সকলো মুখৰ হৈ পৰিছে নাচনীৰ উদ্যমভৰা বিহুনাচ, ঢ়োল, পেঁপা, গগনাৰ মাতত৷ জাতি, ধর্ম,বর্ণ, সম্প্রদায় নির্বিশেষে সমন্বয়ৰ এনাজৰীৰে হেঁপাহৰ বিহুটি উদ্যাপনৰ বাবে সকলো উদগ্রীৱ হৈ আছে৷ ব’হাগ বা ৰঙালী বিহুত নিজৰ আপোনজনক এখন বিহুৱান যাচিবলৈ এতিয়া সকলো কাম– বন কাতি কৰি থৈ গাঁৱৰ জীয়ৰী–বোৱাৰীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত৷

জিলাখনৰ কলিয়াবৰ, চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ, উৰিয়াগাঁও, কৰৈয়নী, বেবেজীয়া, ফুলগুৰি, ৰহা, হাতিচোং, জাজৰি, ধিং, বটদ্রবা, দক্ষিণপাট, কামপুৰ, ননৈ, পাথৰি আদি অঞ্চলৰ প্রতিখন গাঁৱৰ জীয়ৰী–বোৱাৰীসকল এতিয়া গামোচা, ৰিহা আদি বোৱাত ব্যস্ত হৈ পৰিছে৷ কাটি উলিয়াইছে বিহুৱান৷ ব’হাগৰ বিহুত আপোনজনক এখন বিহুৱান উপহাৰ দিবলৈ, জ্যেষ্ঠজনক বিহুৱানেৰে সন্মান জনাবলৈ জীয়ৰী–বোৱাৰীসকল আগ্রহী হৈ আছে৷ এতিয়া তেওঁলোকৰ গাত তত নাই৷ এতিয়া জিলাখনৰ বিভিন্ন স্থানত বিহু নাচৰ আখৰা চলি আছে৷ ডেকাসকলে কান্ধত ঢ়োল, মুখত পেঁপা লৈ নাচনীক নচুৱাই বিহুৰ বাবে সাজু কৰি তোলাৰ প্রয়াস অব্যাহত ৰাখিছে৷ জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্র সন্থা, ব্রহ্মপুত্র বিহুৱা দল, গান্ধাৰ, নগাঁৱৰ জ্যেষ্ঠ বিহুৱা–বিহুৱতী আদিৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু কর্মশালা৷ বিধানসভা নির্বাচনৰ ভোটগ্রহণ শেষ হোৱাৰ পিছৰে পৰা এতিয়া গাঁও, নগৰ–চহৰ সকলোতে কেৱল ৰঙালীক আদৰাৰ ব্যস্ততা৷ব’হাগ বিহুৰ আগমনৰ বতৰাত প্রতিজন অসমীয়া উল্লসিত হৈ পৰিছে৷ যদিও গাঁও, নগৰ–চহৰত বিহুৰ উদ্যাপনক লৈ ব্যস্ততা বাঢ়িছে, তাৰ পিছতো যে অনুভৱ হয় বিহুক লৈ অসমীয়া লোক যিমান সচেতন হ’ব লাগিছিল তেনে হোৱা পৰিলক্ষিত হোৱা নাই৷ গাঁওসমূহত এতিয়া ঢ়েকীৰ শব্দ, মাকোৰ খট্ খট্ শব্দ কমি আহিছে৷ এই সময়ত অসমীয়া লোকসকল ভাষা–সংস্কৃতিক লৈ যদি সতর্ক নহয়, তেনেহ’লে এই ঐতিহ্যপূর্ণ সংস্কৃতিৰ প্রতি ভাবুকি হোৱাটো নিশ্চিত৷

You might also like