নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইভিএমৰ ভোটগণনাৰ পূর্বে পোষ্টেল বেলট গণনাৰ দাবী কংগ্রেছৰ

নির্বাচন আয়োগলৈ স্মাৰক–পত্র এপিচিচিৰ সভাপতি ৰিপুণ বৰাৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ অহা ২ মে’ত হ’বলগীয়া অসম বিধানসভা নির্বাচনৰ ভোটগণনাৰ দিনা ইভিএমৰ ভোটগণনাৰ পূর্বে পোষ্টেল বেলট গণনাৰ দাবী জনাইছে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই৷ এই সম্পর্কত সভাপতি বৰাই কালি দেশৰ নির্বাচন আয়োগক এখন পত্র দিয়ে৷ পত্রখনত বৰাই এই দাবী জনাই কয় যে যোৱা বিহাৰ বিধানসভা নির্বাচনৰ সময়ত ইভিএম ভোটগণনাৰ অন্ততহে পোষ্টেল বেলট গণনা কৰা হৈছে৷ ইভিএমৰ ভোটগণনাৰ পাছত বিহাৰত কৰা পোষ্টেল বেলটৰ ভোটগণনাত যথেষ্ট অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হয়৷ যাৰ ফলত বহু প্রতিদ্বন্দ্বী প্রার্থী সামান্য ভোটৰ ব্যৱধানত পৰাভূত হয় আৰু ইয়াৰ বাবে নির্বাচন আয়োগৰ প্রতি সন্দেহৰ আঙুলি উঠিছে৷ সেয়ে অসম বিধানসভাৰ ভোটগণনা নিকা হোৱাৰ লগতে আয়োগৰ বিৰুদ্ধে যাতে কোনেও অভিযোগৰ আঙুলি টোঁৱাব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি ইভিএমৰ ভোটগণনাৰ পূর্বে পোষ্টেল বেলট গণনাৰ দাবী জনায়৷

You might also like