নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুইতৰ খহনীয়াত জাহ যাওঁ যাওঁ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ বাংলাদেশ সীমান্তৱর্তী শিশুমাৰা, কোকৰাডাঙ্গাত ব্রহ্মপুত্রৰ ভয়ংকৰ গৰাখহনীয়াই আন্তঃৰাষ্ট্রীয় সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ, বি এছ এফৰ পৰীক্ষণ চকী আৰু সীমান্ত সংযোগী পথৰ প্রতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্রায় ৫ কিলোমিটাৰ নিলগত থকা ভাৰত–বাংলাদেশ সীমান্তৱর্তী গাঁৱত ব্রহ্মপুত্রই ভয়াৱহভাৱে চলাই আছে খহনীয়া৷ চপৰা–চপৰে পাৰ খহি থকাত বৰাইৰ আলগা বি এছ এফ কেম্প এলেকাৰ এখন বি এছ এফ পৰীক্ষণ চকী, জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা সীমান্তলৈ সীমান্ত সংযোগী পথৰ লগতে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ যিকোনো মুহূর্তত উটুৱাই নিয়াৰ আশংকাই দেখা দিয়ে৷ বাৰিষা অহাৰ পূর্বে খৰাং বতৰত এইদৰে ভয়াৱহ খহনীয়া চলি থকাত চিন্তিত হৈ পৰিছে সীমান্তৱর্তী গঞা ৰাইজ৷

কিয়নো আজিৰ পৰা প্রায় ৩০–৩৫ বছৰ পূর্বে মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্তত নাছিল কাঁইটীয়া তাঁৰৰ বেৰ৷ সেই সময়ত কাঁইটীয়া তাঁৰৰ বেৰ নথকাৰ সুযোগ লৈ বাংলাদেশী দুষৃকতিকাৰী সীমান্তৰে মানকাচৰৰ বিভিন্ন গাঁৱত প্রৱেশ কৰি চুৰি, ডকাইতি কৰি নিশাৰ ভিতৰত পলাই গৈছিল বাংলাদেশলৈ৷ অৱশ্যে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ হোৱাৰ পিছতেই এই ভয়াৱহ সমস্যাৰ সমাধান ঘটিছে যদিও পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিব নেকি তাক লৈ শংকিত হৈছে সাধাৰণ ৰাইজ৷ কিয়নো ভাৰত–বাংলাদেশ সীমান্তত এইদৰে গৰাখহনীয়া চলি থাকিলে কাঁইটীয়া তাঁৰৰ বেৰ নদীৰ বুকুত বিলীন হৈ উন্মুক্ত হ’ব আন্তঃৰাষ্ট্রীয় সীমান্ত৷ ফলত ৩০/৩৫ বছৰ পূর্বৰ ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি সীমান্তৱর্তী ৰাইজে শংকাত ভুগিছে৷ মন কৰিবলগীয়া যে সীমান্তৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে ইতিমধ্যে ব্রহ্মপুত্র ব’ডৰ জৰিয়তে চৰকাৰে জি’ বেগৰ কেইবা কোটি টকা মোকলাই দিছে৷ কিন্তু কামৰ দায়িত্ব লাভ কৰা স্থানীয় দুজনকৈ ঠিকাদাৰে কোটিটকীয়া কামৰ ক্ষেত্রত চৰম দুর্নীতিত লিপ্ত হৈ ভালকৈ কাম নকৰাৰ ফলত যিখিনি কাম ইতিমধ্যে সম্পন্ন হৈছে সেৱাও নদীৰ বুকুত উটি যাবলৈ আৰম্ভ কৰিছে৷

You might also like