নাহৰকটীয়া মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা
নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: অৰুণাচল প্ৰদেশৰ নক্তে ৰজা খুনৱাওয়ে সপোনত তেওঁলোকৰ আদি গুৰুৱে দিয়া নিৰ্দেশ অনুসৰি শৰণ লৈছিলহি নাহৰকটীয়াৰ চাচনীত অৱস্থিত বাৰেঘৰ সত্ৰৰ অধিকাৰ শ্ৰী ৰাম আতাৰ ওচৰত। তেতিয়াৰ পৰাই ৰজাৰ নাম খুনবাওঁৰ ঠাইত পৰিচিত হৈছিল নৰোত্তম ৰূপে। যাৰ ফলশ্ৰুতিত নাহৰকটীয়াত বিধান সভা এতিয়াও আছে সত্ৰ আলি ৰূপে এক পথ, যি পথেৰে নক্তে সকলে বাৰেঘৰ সত্ৰলৈ আহিছিল নিজৰ কৰ কাতল আৰু দান দক্ষিণা দিয়াৰ লগতে সত্ৰত শৰণ লবলৈ। একেদৰে অৰুণাচল পাহাৰ আৰু অসমৰ ভৈয়ামৰ মাজত ৰচিত হৈছিল মহামিলনৰ এক স্বৰ্ণিল ইতিহাস। কালক্ৰমত এই সম্প্ৰীতি কিছু কাৰণত ম্লান পৰি গৈছিল যদিও আজি অৰুণাচল প্ৰদেশ আৰু অসমৰ দুখন মহাবিদ্যালয় ৰ মাজত স্বাক্ষৰিত হোৱা এক চুক্তি মৰ্মে এই ইতিহাস পুনৰাই সজীৱ হৈ উঠাৰ ফলত অগ্ৰসৰ হৈছে। উল্লেখযোগ্য যে আজি শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় আৰু অৰুণাচল প্ৰদেশৰ দেউমালিস্থিত ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়ৰ সৈতে আজি ডিব্ৰুগড় জিলাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়ৰ পৃথকে পৃথকে দুখনি চুক্তি স্বাক্ষৰিত হয়। নাহৰকটীয়া মহাবিদ্যালয় অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ(IQAC)ৰ সৌজন্যত স্বাক্ষৰিত হোৱা এই বুজাবুজিৰ চুক্তি অনুসৰি আগন্তুক দিনত নাহৰকটীয়া মহাবিদ্যালয় আৰু ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়, দেউমালীৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত আদান প্ৰদান কৰা হব। চুক্তি খনত স্বাক্ষৰ কৰে ক্ৰমে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়, দেউমালীৰ অধ্যক্ষ মোনচি তায়েঙয়ে। আনহাতে নাহৰকটীয়া মহাবিদ্যালয়ত প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণা কেন্দ্ৰৰ বুজাবুজি চুক্তি খনত স্বাক্ষৰ কৰে ক্ৰমে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, আৰু বিশ্ববিদ্যালয় খনৰ পঞ্জীয়ক পদাধিকাৰ কমলাকান্ত গগৈ পঞ্জীয়ক মৃণাল কুমাৰ বৰাৰ মাজত। উল্লেখযোগ্য যে অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাসে আঁত ধৰা, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আদৰণি ভাষণ দিয়া তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তুলসী মহন্তই বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত নাহৰকটীয়া বিধান সভা সমষ্টিৰ বিধায়ক তৰঙ্গ গগৈ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মৃণাল কুমাৰ বৰা, অৰুণাচল প্ৰদেশৰ ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়, দেউমালিৰ অধ্যক্ষ মোনচি তায়েঙ, অৰুণাচল প্ৰদেশৰ নক্তে জনগোষ্ঠীৰ বিশিষ্ট সাংস্কৃতিক বিশেষজ্ঞ নক্তেপানকা, নাহৰকটীয়া চাচনী বাৰেঘৰ সত্ৰৰ অধিকাৰ গজেন মহন্ত, প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈ, সমাজ সেৱক ৰঞ্জিত বৰুৱা, মৃদুল কলিতা আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধায়ক তৰংগ গগৈ আৰু কমলাকান্ত গগৈয়ে আনুষ্ঠানিক ভাৱে পৰ্দা খুলি গৱেষণা কেন্দ্ৰৰ উদ্বোধন কৰাৰ লগতে কমলাকান্ত গগৈয়ে ফিটা কাটি গৱেষণা কক্ষ মুকলি কৰা অনুষ্ঠানটোত বক্তব্য ৰাখি বিধায়ক তৰংগ গগৈয়ে ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয় দেউমালি আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিয়ে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ ভেটি আৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই অঞ্চলটোৰ নতুন প্ৰজন্মৰ শিক্ষাৰ্থী সকলৰ মাজত আধ্যাত্মিকতাৰ ভাৱ বঢ়াই তুলিব বুলি মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে মহাবিদ্যালয় ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগতে ৫ শতাধিক স্থানীয় লোক উপস্থিত থকা অনুষ্ঠানটোত বৰগীত, দিহানাম, কৃষ্ণনৃত্য, দেউমালি মহাবিদ্যালয়ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা নক্তে নৃত্য আদিৰে জীপাল হৈ উঠে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা