নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ এই ৰাশিৰ জাতক–জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি৷ পৰিয়ালৰ কোনোবাৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয় হ’ব৷ শুভ ৰং বগা, সংখ্যা ২৷
বৃষ ঃ আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ৰাহুৱে ধৰি ৰাখিব৷ চাকৰিয়াৰ কাৰণে দিনটো শুভ৷ প্রেমত শুভ৷ শুভ সংখ্যা ৮৷ ৰং গুলপীয়া৷
মিথুন ঃ কর্ম ক্ষেত্রত অমনোযোগ দেখা দিব, মানসিক চিন্তা থাকিব৷ ব্যৱসায়ত মধ্যম, প্রেমত অশুভ ফলদায়ক৷ শুভ ৰং নীলা, সংখ্যা ২৷
কর্কট ঃ আজিৰ দিনটোত পৰিশ্রম অনুযায়ী ফল নাপাব৷ মূৰৰ যন্ত্রণাত ভুগিব পাৰে৷ বিদ্যার্থীসকলে পঢ়া–শুনাৰ বিষয়ে গুৰুত্ব দিব লাগিব৷ শুভ ৰং ৰঙা, সংখ্যা ৮৷
সিংহ ঃ আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ক্ষতিও হোৱাৰ সম্ভাৱনা৷ ভ্রমণৰ যোগ দেখা যায়৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া, সংখ্যা ৭৷
কন্যা ঃ ঘৰুৱা কাজিয়া–পেচালৰ কাৰণে মন বিক্ষিপ্ত থাকিব৷ যান–বাহনৰ ক্ষেত্রত সাৱধান থাকিব৷ আর্থিক ক্ষেত্রত ভালেই দেখা যায়৷
তুলা ঃ পুৰণি প্রাপ্য ধন প্রাপ্তিৰ যোগ দেখা যায়৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ৯৷
বৃশ্চিক ঃ কর্ম ক্ষেত্রত শত্রুৰ পৰা সাৱধান থাকিব৷ ভ্রমণৰ যোগ দেখা যায়৷ অসুস্থতাৰ কাৰণে কিছু অর্থ ব্যয় হ’ব পাৰে৷ শুভ ৰং হালধীয়া, সংখ্যা ৮৷
ধনু ঃ ব্যৱসায়ৰ ক্ষেত্রতো ভাল দেখা নাযায়৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ দিনটোত খৰচৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব৷ শুভ ৰং নীলা, সংখ্যা ১৷
মকৰ ঃ কর্ম ক্ষেত্রত নানা ভুল–ভ্রান্তি হ’ব পাৰে৷ গতিকে সতর্ক থাকিব৷ দাম্পত্য আৰু প্রেমত বিবাদ বিতর্ক, ব্যৱসায়ৰ ক্ষেত্রতো ভাল দেখা নাযায়৷ শুভ ৰং বগা, সংখ্যা ২৷
কুম্ভ ঃ অনাৱশ্যক খৰচ আৰু ৰাগ–খং বৃদ্ধি৷ হ’বলগীয়া পৰি থকা কাম আজি নতুনকৈ আৰম্ভ কৰিব পাৰিব৷ প্রেমত শুভ৷ শুভ ৰং ক’লা৷ সংখ্যা ১৷
মীন ঃ ব্যৱসায়ত মধ্যম৷ ভ্রমণৰ যোগাযোগ৷ ঘৰৰ কর্মৰ ব্যস্ততা বাঢ়িব৷ বন্ধুৰ লগত মনোমালিন্য দেখা যায়৷ শুভ ৰং আকাশী নীলা৷ সংখ্যা ২৷

You might also like