নলবাৰীত অগপ প্রার্থী প্রক্ষেপৰ আহ্বানেৰে কেন্দ্রীয় নেতৃত্বলৈ প্রস্তাৱ
অসম গণ পৰিষদৰ নলবাৰী বিধান পৰিষদৰ কার্যনির্বাহক
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তর্গত নলবাৰী বিধান পৰিষদৰ এখন বর্ধিত কার্যনির্বাহ সভা আজি দিনৰ ১১ বজাত দেশপ্রাণ নগেন শর্মা ভৱনত অনুষ্ঠিত হয়৷ নলবাৰী বিধান পৰিষদৰ স্থায়ী সভাপতি নৰেন দাসে সঞ্চালনা কৰা সভাখনৰ আঁতধৰে সম্পাদক মোহন হালৈ আৰু হেমন্ত হালৈয়ে৷ উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনত অগপৰ বিধানসভা সমষ্টি, বিধান পৰিষদত অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিয়ে জিলা সমিতিসমূহক কার্যনির্বাহ সভা আহ্বান কৰি ২০২১ বিধানসভা নির্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ আজি নলবাৰীত অনুষ্ঠিত বর্ধিত কার্যনির্বাহ সভাখনত অসম গণ পৰিষদ দলৰ নীতি–আদর্শৰ ওপৰত বক্তব্য আগবঢ়ায় কেন্দ্রীয় সমিতিৰ উপসভাপতি দিলীপ পাটগিৰি, আক্রাম হুছেইন, কেন্দ্রীয় সমিতিৰ সম্পাদক আনন্দ ৰাজবংশী, কেন্দ্রীয় কার্যনির্বাহক সদস্য কেশৱ ডেকা, দলৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য দিলীপ কুমাৰ দাস, দলৰ জ্যেষ্ঠ নেতা মদন মালাকৰ, থানেশ্বৰ লহকৰ, নিৰঞ্জন ৰাজবংশী, নলবাৰী বিধান পৰিষদৰ সহঃ সম্পাদক মনোজ শর্মাৰ উপৰি নলবাৰী বিধান পৰিষদৰ চাৰিখন মণ্ডল সমিতিৰ সভাপতি ক্রমে বাঁহজানীৰ গুণেশ্বৰ দাস, খাতা বতাহগিলাৰ দিনেশ দাস, ঘগ্রাপাৰৰ পৰেশ দাস আৰু আল্লিয়া মণ্ডলৰ বাবুল বসুমতাৰীয়ে৷ সভাৰ আলোচনা অনুসৰি তিনিটা অতি গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰি কেন্দ্রীয় সমিতিলৈ প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ লক্ষণীয় যে এসময়ৰ আঞ্চলিকতাবাদৰ দুর্গ হিচাপে পৰিগণিত নলবাৰী সদৰ সমষ্টিত ৫টা কার্যকালৰ বাবে দেশপ্রাণ নগেন শর্মা আৰু তেওঁৰ পত্নী ড০ অলকা শর্মা বিধায়ক হিচাপে নির্বাচিত হৈছিল৷ পৰৱর্তী সময়ত কংগ্রেছ দলৰ প্রার্থী জয়ী হয়৷ পুনৰ ২০১৬ বর্ষত কংগ্রেছক প্রতিহত কৰিবলৈ অগপ–বিজেপি–বিপিএফ্ মিত্রশক্তিয়ে বিজেপিৰ প্রার্থীক জয়ী কৰায়৷ তথাপি দলৰ নিষ্ঠাৱান কর্মীসকলে আদর্শগত কাৰণত অসম গণ পৰিষদৰ পতাকাখন নলবাৰী সমষ্টিত উৰুৱাই সাংগঠনিক কাম–কাজৰ সুদৃঢ় কৰিবলৈ সক্ষম হৈছে৷ সভাত ২০২১ৰ বিধানসভা নির্বাচনত নলবাৰী সমষ্টিটোত অসম গণ পৰিষদৰ প্রার্থী থিয় কৰোৱাৰ বাবে কেন্দ্রীয় সমিতিক অনুৰোধ জনাই প্রস্তাৱ গ্রহণ কৰে৷ কার্যনির্বাহক সভাই বিগত ১৫ বছৰে দলৰ সাংগঠনিক কাম–কাজত আত্মনিয়োগ কৰি বর্তমান নলবাৰী সমষ্টিৰ বিভিন্ন পর্যায়ৰ সাংগঠনিক সমিতি গঠন, সভা–সমিতি অনুষ্ঠিত কৰি দলীয় সংগঠন সুদৃঢ় কৰিবলৈ সক্ষম হোৱা যুৱ নেতা দিলীপ কুমাৰ দাসক সমষ্টিটোত আগন্তুক বিধানসভা নির্বাচনত অসম গণ পৰিষদ দলৰ প্রার্থী প্রক্ষেপ কৰিবলৈ কেন্দ্রীয় সমিতিৰ ওচৰত দাবী জনাই প্রস্তাৱ গ্রহণ কৰে৷ আনহাতে মাঘ বিহুৰ আগতে নলবাৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ শক্তি প্রদর্শন কৰিবলৈ এখন ‘জাতীয় ঐক্য সমাৰোহ’ অনুষ্ঠিত কৰাৰ বাবে কেন্দ্রীয় সমিতিক অনুৰোধ জনাই প্রস্তাৱ গ্রহণ কৰে৷ কার্যনির্বাহক সভাত উপস্থিত থাকে জ্যেষ্ঠ অগপ নেতা ড০ ৰবীন দাস, মহিলা পৰিষদৰ সভানেত্রী প্রতিভা তালুকদাৰ, কেন্দ্রীয় সমিতিৰ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক জাহিৰ আলম চৌধুৰী, জ্যেষ্ঠ নেতা আনন্দ কলিতা, মহিলা নেত্রী বিজুলী ৰাজবংশী, যুৱ নেতা গকুল মহন্ত সহিতে প্রায় শতাধিক দলীয় নেতা–কর্মী৷