বোকাখাতত তিনিদিনীয়াকৈ ৰাষ্ট্রীয় কৃষি উদ্যান শস্য মেলা
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ কৃষি বিভাগ, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ উদ্যোগত অহা ২১ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ গোলাঘাট জিলাৰ বোকাখাতত অনুষ্ঠিত হ’ব ৰাষ্ট্রীয় কৃষি উদ্যান শস্য মেলা–২০২১৷ কালি এই কথা ঘোষণা কৰিলে কৃষিমন্ত্রী অতুল বৰাই৷
এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে এই সন্দর্ভত জানিবলৈ দিয়া মতে, তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্রীয় মেলাত ১০খনকৈ বিদেশী ৰাষ্ট্রৰ ৰাষ্ট্রদূতে অংশগ্রহণ কৰিব৷ মংগোলিয়া, নাইজেৰিয়া, ফিজি, ঘানা, মেছিড’নিয়া, কংগো, ত্রিনিদাদ–ট’বেগ আৰু ভূটান এই দহখনকৈ ৰাষ্ট্রৰ ৰাষ্ট্রদূতে অংশগ্রহণ কৰাৰ বিপৰীতে মেলাখনত কেইবাখনো বিদেশী ৰাষ্ট্রই ভার্চুৱেল পদ্ধতিৰে অংশ ল’ব৷
উল্লেখ্য যে ২০১৯ আৰু ২০২০ বর্ষত এই মেলা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল৷ কৃষিমন্ত্রী অতুল বৰাই এই সন্দর্ভত কয় যে ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ বাবে এইবাৰো বহিঃৰাষ্ট্রৰ প্রতিনিধিসকলে প্রত্যক্ষভাৱে অংশগ্রহণ কৰিব নোৱাৰে৷ অৱশ্যে ভার্চুৱেল পদ্ধতিৰে বিভিন্ন ৰাজ্যৰ কৃষকৰ উপৰি অসমৰ কৃষকৰ সৈতে কেইবাখনো দেশৰ প্রতিনিধিয়ে আলোচনাত ভাগ ল’ব৷ এইবাৰ ৰাষ্ট্রীয় মেলাখনৰ মূল উদ্দেশ্য হ’ল বিশ্বৰ আধুনিক কৃষি কৌশল প্রদর্শন, কৃষক–কৃষি বিজ্ঞানীৰ মাজত এই সম্পর্কীয় জ্ঞানৰ আদান–প্রদান, আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ভার্চুৱেল আলোচনা–চক্র, ক্রেতা–বিক্রেতাৰ মাজত প্রত্যক্ষভাৱে মত বিনিময়, কৃষক প্রশিক্ষণ আৰু কৃষক ৰাইজক বাণিজ্যিক কৃষিৰ প্রতি আকৃষ্ট কৰা৷
ইফালে, কৃষিমন্ত্রীগৰাকীয়ে শেহতীয়াকৈ খেতিয়ক ৰাইজৰ বাবে গ্রহণ কৰি অহা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে যি লক্ষ্য বান্ধি লৈছে, সেই লক্ষ্য অনুসৰি অসম চৰকাৰে ৰাজ্যৰ খেতিয়ক ৰাইজৰ বাবে এলানি পদক্ষেপ গ্রহণ কৰিছে৷
সেই অনুসৰি মাত্র ১ টকা প্রিমিয়ামৰ ধনৰ বিনিময়ত এক হেক্টৰ কৃষিভূমিৰ শস্য বীমাৰ সুবিধা আগবঢ়োৱা হৈছে৷ ইতিমধ্যে ৰাজ্যৰ ২৬ লাখ ৪০ হাজাৰ কৃষকক কিষাণ ক্রেডিট কার্ডৰ সুবিধা আগবঢ়োৱা হৈছে৷ আনহাতে, মুখ্যমন্ত্রীৰ কৃষি সা–সঁজুলিৰ অধীনত ৭ লাখ ৮৩ হাজাৰ কৃষকৰ বেংক একাউণ্টত ২৭৩ কোটি টকাতকৈ অধিক জমা কৰা হৈছে৷