নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিশ্বিল্ড বনাম ক’ভাক্সিন

ভাৰতত ক’ৰোনা ভাইৰাছৰ টিকাকৰণৰ তিনি দিন সম্পূর্ণ হ’ল৷ পঞ্জীয়নভুক্ত নাগৰিকৰ সংখ্যাৰ বিপৰীতে ভেকচিন লোৱা নাগৰিকৰ হাৰ যথেষ্ট কম হোৱাটো মন কৰিবলগীয়া৷ প্রতিদিনে ৫০–৬০ শতাংশ পঞ্জীয়নভুক্ত নাগৰিকেহে ভেকচিন লোৱাৰ বাতৰি প্রকাশ পাইছে৷ ইয়াৰ পৰাই এটা কথা অনুমান কৰি ল’ব পাৰি যে ভেকচিন গ্রহণৰ বাবে পঞ্জীয়ন কৰা লোক এতিয়াও ভেকচিনৰ কার্যকাৰিতা আৰু নিৰাপত্তাক লৈ সম্পূর্ণ নির্ভয় হ’ব পৰা নাই৷ প্রথম পর্যায়ত স্বাস্থ্যকর্মী–চিকিৎস্ ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰ ভিতৰত একাংশ চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে ভেকচিন ল’ব নে নাই, সেই সিদ্ধান্ত লোৱাত পলম কৰাৰ খবৰো আহিছে৷ চিকিৎসকেই যদি সম্পূর্ণ অভয় হ’ব পৰা নাই, তেন্তে সাধাৰণ নাগৰিকৰ ক্ষেত্রত কি হ’ব সেয়া সহজেই অনুমেয়৷ছেৰাম ইণ্ডিয়া ইন্ষ্টিটিউটে প্রস্তুত কৰা ক’ভিশ্বিল্ড ভেকচিন অধিকাংশই পছন্দ কৰাটোও মন কৰিবলগীয়া দিশ৷ ব্রিটিছ–ছুইডিছ কোম্পানী এষ্ট্রাজেনেকাই অক্সফ’ড ইউনিভার্ছিটীৰ সহযোগত এই ভেকচিন প্রস্তুত কৰিছে৷ ব্রিটেইন আৰু আমেৰিকাত এই ভেকচিন সম্পূর্ণ নিৰাপদ বুলি প্রমাণিত হৈছে৷ সেইদৰে ইয়াৰ কার্যকাৰিতা ৭০ শতাংশৰ ওপৰত বুলি ক্লিনিকেল ট্রায়েলত তথ্য প্রকাশ পাইছে৷ শেহতীয়া বাতৰি মতে ইয়াৰ কার্যকাৰিতা ৯০–৯৫ শতাংশ পর্যন্ত বৃদ্ধি পাব পাৰে, যদিহে দুটা ড’জৰ মাজত ব্যৱধান ২–৩ মাহলৈ বৃদ্ধি কৰা হয়৷ ছেৰাম ইন্ষ্টিটিউটৰ মুখ্য কার্যবাহী বিষয়া আডৰ পুনাৱালাই এই তথ্য প্রকাশ কৰি জনাইছে যে শীঘ্রেই এই সন্দর্ভত এষ্ট্রাজেনেকাই ৰাজহুৱাকৈ তথ্য প্রকাশ কৰিব৷ক’ভিশ্বিল্ডক লৈ এনে ইতিবাচক তথ্যৰ বাবে সকলোৱে ক’ভাক্সিনৰ সলনি ক’ভিশ্বিল্ড ভেকচিন ল’বলৈ ইচ্ছা প্রকাশ কৰিছে৷ কাৰণ ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ পৰীক্ষা এতিয়াও অব্যাহত আছে৷ ইয়াৰ কার্যকাৰিতা সন্দর্ভত কোনো তথ্য প্রকাশ কৰা হোৱা নাই৷ স্বাস্থ্য বিভাগে দুয়োটা ভেকচিন ১১০ শতাংশ নিৰাপদ বুলি প্রকাশ কৰিলেও ক’ভাক্সিনক লৈ মানুহৰ মনত সন্দেহৰ সৃষ্টি হোৱাৰ একাধিক কাৰণ আছে৷ ক’ভাক্সিনৰ প্রস্তুতকাৰক ভাৰত বায়’টেকে ঘোষণা কৰিছে যে গুৰুতৰ পার্শ্বক্রিয়া হ’লে ভেকচিন লোৱা ব্যক্তিক ক্ষতিপূৰণ দিয়া হ’ব৷ ইয়াৰ লগতে হাস্পতালৰ সকলো খৰচ বহন কৰা হ’ব৷ ভেকচিন কেন্দ্রত এই সন্দর্ভত বিতং তথ্য ভেকচিন গ্রহণকাৰীক জনোৱা হ’ব আৰু তেওঁক লিখিতভাৱে ভেকচিন ল’বলৈ সন্মতি প্রদান কৰিব লাগিব৷ কিন্তু ক’ভিশ্বিল্ডৰ ক্ষেত্রত মৌখিক সন্মতিয়েই যথেষ্ট৷ দুয়োটা ভেকচিনৰ ক্ষেত্রত এনে পার্থক্যই মানুহৰ মনত সন্দেহৰ সৃষ্টি কৰাটো স্বাভাৱিক৷
সন্দেহৰ বশৱর্তী হ’লেও ভেকচিন গ্রহণ কৰা ব্যক্তিসকলৰ হাতত কোনো বিকল্প পথ নাই৷ কিয়নো চৰকাৰে স্পষ্ট কৰি দিছে যে আমেৰিকা–ইংলেণ্ডৰ দৰে দেশতো কেইবাবিধো ভেকচিন দিয়া হৈছে যদিও এজন ব্যক্তিয়ে কোনটো ভেকচিন ল’ব তাৰ নির্বাচন কৰিব নোৱাৰে৷ গতিকে ভাৰততো একেই ব্যৱস্থা প্রযোজ্য হ’ব৷ ইংলেণ্ড–আমেৰিকাত ফাইজাৰ, মডার্না আৰু এষ্ট্রাজেনেকাৰ ভেকচিন প্রদান কৰি থকা হৈছে৷ তিনিওবিধ ভেকচিনৰ ট্রায়েল সন্তোষজনকভাৱে সমাপ্ত হৈছে৷ এইবোৰৰ কার্যকাৰিতা আৰু সুৰক্ষাৰ তথ্যও ৰাজহুৱাকৈ উপলব্ধ৷ কিন্তু ভাৰতত এটা ভেকচিনৰ সকলো তথ্য উপলব্ধ হোৱাৰ বিপৰীতে আনটো ভেকচিনৰ কার্যকাৰিতা আৰু নিৰাপত্তা সন্দর্ভত এতিয়াও ছবিখন স্পষ্ট হোৱা নাই৷ গতিকে একাংশ স্বাস্থ্যকর্মীক ক’ভিশ্বিল্ড দিয়াৰ বিপৰীতে আন একাংশক ক’ভাক্সিন গ্রহণ কৰিবলৈ বাধ্য কৰাটো কিমান নীতিনিষ্ঠ তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷

You might also like