ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ পদক বিজয়ী কস্তুৰী কলিতাক মৰিয়নিত সম্বৰ্ধনা
বিশেষ বাৰ্তা, ২৭ মে’ : কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ উদ্যোগত উত্তৰাখণ্ডৰ ডেৰাদুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক দখল কৰি অসমলৈ সুনাম কঢ়িয়াই অনা যোৰহাটৰ কাৰাটে খেলুৱৈ কস্তুৰী কলিতাক কাৰাটে এছ’চিয়েছন অৱ যোৰহাটৰ তৰফৰ পৰা বিপুল সম্বৰ্দ্ধনা জনোৱা হয়। কস্তুৰীয়ে জুনিয়’ৰ বিভাগত কুমিটেত ৬৬ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এই উপলক্ষে কাৰাটে এছ’চিয়েছন অৱ যোৰহাটৰ উদ্যোগত আজি মৰিয়নিৰ বিবেকানন্দ স্প’ৰ্টিং ক্লাৱৰ সভাকক্ষত এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষাবিদ-ক্ৰীড়া সংগঠক নেকিব ইছলাম, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক পবিত্ৰপ্ৰাণ বৰঠাকুৰ, কাৰাটে এছ’চিয়েছন যোৰহাটৰ সম্পাদক খোকন দে আদিয়ে কস্তুৰীক গামোচা, জাপি, স্মাৰক, উপহাৰ, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্দ্ধনা জনায়। কস্তুৰীয়ে সম্প্ৰতি যোৰহাট চেন্ট্ৰেল কাৰাটে একাডেমীত প্ৰশিক্ষক বিজয় বৰাৰ তত্বাৱধানত কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পীযূষ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ কাৰাটে প্ৰশিক্ষক বিজয় বৰা, পৰাগ বৰা, সমীৰ ৰঞ্জন নেওগ, গোলাঘাটৰ কাৰাটে প্ৰশিক্ষক ধৰ্মেশ্বৰ তামুলী, দেৱজিত বুঢ়াগোহাঁই আদিয়েও অংশগ্ৰহণ কৰি কৃতী কাৰাটে খেলুৱৈগৰাকীক উৎসাহিত কৰে। অনুষ্ঠানটোত কস্তুৰীৰ লগতে কস্তুৰীৰ পিতৃ মাতৃও উপস্থিত থাকে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া