এলাগী হৈ পৰিছে নগাঁৱৰ অধিকাংশ সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চ
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু দিৱস আজি সমগ্র ৰাজ্য জুৰি ধুম ধামেৰে উদযাপন কৰাৰ সময়তে সুধাকন্ঠক অৱহেলা কৰা তথ্য উন্মোচিত হৈছে । নগাঁও জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ এলেকাত থকা সুধাকন্ঠ ড: ভূপেন হাজৰিকা মুকলি মঞ্চ আজি সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকীৰ দিৱসত এলাগী হৈ থকাত বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছ চৰকাৰৰ আমোলত গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে উন্নয়ন খণ্ড সমূহৰ অধীনত উন্নয়ন খণ্ড সমূহত একোটাকৈ সুধাকন্ঠ ভূপেন হাজৰিকা মুকলি মঞ্চ নিৰ্মাণ কৰিছিল । একেদৰে অবিভক্ত নগাঁও জিলাৰ ১৩ টা উন্নয়ন খণ্ডতো ভূপেন হাজৰিকা মুকলি মঞ্চ নিৰ্মাণ কৰা হৈছিল । কেই বছৰ মানলৈ ঠিকে ঠাকে চলি আছিল । সুধাকন্ঠৰ জন্ম জয়ন্তী আৰু মৃত্যু দিৱসত এই মুকলি মঞ্চ সমূহত উদযাপন কৰা হৈছিল । পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখা হৈছিল । কিন্তু চাৰি পাঁচ বছৰ মানৰ পৰা এই মুকলি মঞ্চ সমূহ এলাগী হৈ পৰিছে । আনকি সুধাকন্ঠৰ আজি মৃত্যুৰ দিনটোতো এই মঞ্চ সমূহৰ অধিকাংশতেই কোনো অনুষ্ঠান অনুষ্ঠিত হোৱা নাই ।
নগাঁও জিলাৰ প্ৰায় কেইটা সুধাকণ্ঠ মুকলি মঞ্চ এতিয়া হাবি জংঘলৰে আবৰি ধৰিছে । চৰকাৰী ভাবে নিৰ্মাণ কৰা এই মুকলি মঞ্চ সমূহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসন আৰু সংশ্লিষ্ট উন্নয়ন খণ্ড , গাওঁ পঞ্চায়ত সমূহে কোনো ধৰণৰ প্ৰদক্ষেপ গ্ৰহন নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে , আনকি জাতীয় সংগঠন সমূহেও এই ক্ষেত্ৰত নীৰবে থকা পৰিলক্ষিত হৈছে । যিটো সময়ত সমগ্র অসম বাসীয়ে সুধাকন্ঠ ড: ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰি আহিছে , সেই সময়ত সুধাকন্ঠৰ নামত নিৰ্মাণ কৰা মুকলি মঞ্চ সমূহ এলাগী হৈ পৰাতো দূৰ্ভাগ্য জনক বিষয় হিচাপে চিহ্নিত হৈছে । এই ক্ষেত্ৰত চৰকাৰ , জিলা প্ৰশাসন , উন্নয়ন খণ্ড সমূহৰ লগতে জাতীয় সংগঠন সমূহে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব ।