এটা নাহৰফুটুকীয়ে উলংগ কৰিলে বন বিভাগক
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ এটা নাহৰফুটুকীৰ সন্মুখত যোৱানিশা একপ্রকাৰ উলংগ হৈ পৰিল বিয়াগোম বন বিভাগ৷ যাৰ বাবে বিভাগটোৰ লোক ৰোষৰ সন্মুখীন হ’বলগীয়া হয়৷ উল্লেখ্য যে সোমবাৰে সন্ধিয়া ছিপাঝাৰৰ সলপাম গাঁৱৰ কোমল নাথ নামৰ লোকজনৰ বাৰীৰ পিছফালৰ মুর্গী ৰখা এটা ঘৰত প্রৱেশ কৰে এটা নাহৰফুটুকী৷ সন্ধিয়া মুর্গীক আহাৰ দিবলৈ গৈ বনৰজাক দেখি উপস্থিত বুদ্ধিৰে ঘৰটোৰ ভিতৰতে বাঘটো আবদ্ধ কৰি ৰাখে পৰিয়ালে৷ ইফালে, জনাঞ্চলত এনেদৰে বাঘৰ আবির্ভাৱ হোৱা খবৰ বিয়পি পৰাত গাঁওখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ খবৰ দিয়াৰ পিছত প্রথমে আৰক্ষী আৰু পিছত কুৰুৱা ৰেঞ্জৰ ৰেঞ্জাৰ তথা বনকর্মীৰ এটা দল আহি উপস্থিত হয়৷ বন বিভাগৰ দল আহি পোৱাত স্থানীয় ৰাইজ কিছু পৰিমাণে আশংকামুক্ত হয়৷ কিন্তু বন বিভাগে বাঘটো কৰায়ত্ত কৰাৰ ক্ষেত্রত বিশেষ তৎপৰতা গ্রহণ কৰা দেখা নগ’ল৷ বিভাগটোৰ লোকে বাঘটো ট্রেংকুইলাইজ কৰা হ’ব বুলি প্রকাশ কৰিলেও নিশা বাৰ বজা পর্যন্ত কোনো ধৰণৰ কৌশল কিম্বা ব্যৱস্থা গ্রহণ নকৰাকৈয়ে থাকে৷
যাৰ বাবে পুহৰ হাড কঁপোৱা জাৰতো গাঁওবাসীয়ে উজাগৰে থাকিব লগা হয়৷ দোভাগ নিশা হঠাতে কুৰুৱা ৰেঞ্জৰ ৰেঞ্জাৰগৰাকীয়ে অৱগত কৰে যে বাঘটো অচেতন কৰা নহয়, জালেৰে বন্দী কৰাহে হ’ব৷ কিন্তু ফুট গধূলিতে উপস্থিত হোৱা বনকর্মীৰ দলটোৱে নিজাববীয়াকৈ জাল বা বাঘ বন্দী কৰাৰ সা–সৰঞ্জামো গোটাব নোৱাৰিলে৷ অসহায় হৈ নিশা একমান বজাত গাঁৱৰ ডেকাসকলে খেলিবলৈ ব্যৱহাৰ কৰা ভলীৰ নেট বিচাৰে স্থানীয় গাঁওবাসীৰ জৰিয়তে৷ সেই সময়তে বিভাগটোৰ দায়িত্বজ্ঞানহীনতাক লৈ ৰাইজ ক্ষুব্ধ হৈ পৰে যদিও বাঘটোক বন্দী কৰাৰ স্বার্থতে বিভাগে বিচৰা মতে সহযোগ কৰি ভলীবলৰ নেট দুখন আনি দিয়ে৷ সন্ধিয়াৰ পৰা আবদ্ধ হৈ থাকি খঙাল হৈ পৰা বাঘটোক ধৰিবলৈ এইবাৰ বিভাগটোৱে আৰম্ভ কৰিলে ল’ৰা–ধেমালি৷ দীর্ঘ সময় ধৰি বাঘটো পহৰা দি থকা গাঁৱৰ লোক আৰু উক্ত স্থানত থকা সাংবাদিকসকলকো বাঘৰ ভয় দেখুৱাই ঘৰৰ ভিতৰলৈ যাবলৈ দি দুপৰ নিশা বন বিভাগৰ উদ্যোগত আৰম্ভ হয় বাঘ বন্দী নাটকৰ৷ আৰু ৰাইজে আশংকা কৰা ধৰণেই বন বিভাগৰ দলৰ বেষ্টনীৰ পৰা ওলাই যাবলৈ সক্ষম হয় বনৰজা৷ সন্ধিয়াৰ পৰাই বন বিভাগৰ কাম–কাজত ক্ষুব্ধ হৈ থকা ৰাইজ এইবাৰ যথেষ্ট উত্তেজিত হৈ পৰে৷ এফালে মুকলি হোৱা বাঘটোৰ আতংক আৰু বিভাগটোৰ দায়িত্বজ্ঞানহীনতাত ক্ষুব্ধ ৰাইজ বহু সময় ধৰি আবদ্ধ কৰি ৰাখে বিভাগটোৰ লোকসকলক৷ আনকি পুনৰ জনাঞ্চলত প্রৱেশ কৰা বাঘটো যদি হিংস্র হৈ পৰে, তাৰ দায়িত্ব কোনে ল’ব বুলিও প্রশ্ণ তোলে৷