নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনত অনুৰাগীলৈ দীপিকাৰ উষ্ম উপহাৰ

বলীউডৰ এটি জিলিকা তৰা দীপিকা পাডুকোনৰ আজি জন্মদিন। দীপিকা আজি ৩৬বছৰীয়া জন্মদিন পালন কৰিছে। এই বিশেষ দিনটোত অনুৰাগীলৈ এটি উপহাৰ আগবঢ়াই দিলে অভিনেত্ৰীগৰাকীয়ে। তেওঁৰ নতুন ছবি গেহৰাইয়াৰ এখন ফটো ইনষ্টাগ্ৰামত মুকলি কৰি সেয়া অনুৰাগীলৈ ক্ষুদ্ৰ উপহাৰ বুলি কেপছন লিখিছে দীপিকাই। এই ফটোখনত দীপিকা আৰু অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক ৰোমাণ্টিক মুহূৰ্তত দেখা গৈছে। ইয়াৰ উপৰিও ছবিখনৰ আন কেইবাখনো ফটো মুকলি কৰা হৈছে। এই ছবিখন ২৫ জানুৱাৰীত মুক্তি দিয়াৰ কথা আছিল যদিও এইবাৰ ১১ ফেব্ৰুৱাৰীত এমাজন প্ৰাইমত মুক্তি পাব।

You might also like