বৰপেটা আৰক্ষীৰ জালত পৰিছে এজন কুখ্যাত প্ৰৱঞ্চক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকক প্ৰৱঞ্চনা কৰি লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগত ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ৰয় নামৰ এই অভিযুক্তজনক আটক কৰিছে আৰক্ষীয়ে।
পাণবজাৰ, লতাশিল, পল্টনবজাৰ, চানমাৰী, বশিষ্ঠ, দিছপুৰ, নুনমাটি আদি বিভিন্ন থানাত ইতিমধ্যে অভিযুক্তজনৰ বিৰুদ্ধে ২২টাকৈ ৪২০ ধাৰাৰ গোচৰ ৰজু হৈ আছে বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, বৰপেটাৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকত চিনাকি কৰি প্ৰেমৰ অভিনয় কৰাৰ লগতে পিছত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই ১০ লাখ টকাৰো অধিক ধন আদায় কৰিছিল প্ৰৱঞ্চকটোৱে।
ফেচবুকত কেতিয়াবা বিশিষ্ট ব্যৱসায়ী, কেতিয়াবা ঠিকাদাৰ, আনকি কেতিয়াবা চৰকাৰী বিষয়াৰ পৰিচয় দি ভুৱা প্ৰফাইল সৃষ্টি কৰিছিল অভিযুক্তজনে। OLX-ত গাড়ী বিক্ৰী, গাড়ী ভাড়াত দিয়া আৰু চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা ধন আত্মসাত কৰাৰ অভিযোগ উঠিছে।
ধাৰাপুৰ নিৱাসী অভিযুক্তজনে বাইহাটা চাৰিআলিৰ শহুৰেকৰ ঘৰত থাকি এই সমগ্ৰ প্ৰৱঞ্চনাৰ চক্ৰ চলাই আছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলেন কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই অভিযুক্তজনক আটক কৰে। আটক কৰাৰ পিছত বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। এই প্ৰৱঞ্চকৰ জালত পৰি ইতিমধ্যে ৰাজ্যৰ বহু লোক সৰ্বস্বান্ত হোৱা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।
বৰপেটা আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ৩১৯, ৩১৮, ৩১৬ আৰু ৩৫৬ ধাৰাৰ অধীনত ১৫৯/২৬ নম্বৰত গোচৰ ৰজু কৰিছে। আদালতৰ অনুমতি সাপেক্ষে অভিযুক্তজনক চাৰি দিনৰ আৰক্ষী জিম্মাত লৈ সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ১৭ মে’