নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ ভিজিলেঞ্চৰ জালত ধূলা থানাৰ অ’চি অজয় সন্দিকৈ

ষ্টাফ ৰিপৰ্টাৰ, ২৯ নৱেম্বৰ : দৰঙৰ অভিশাপ ধূলা থানাত আজি আকৌ ৰাজ্যৰ দুৰ্নীতি নিবাৰণ শাখাই অভিযান চলাই খোদ থানাখনৰ মুৰব্বী ভাৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধূলা থানাত বাতৰি লিখাৰ পৰলৈ অভিযান চলাই আছে আৰু সবিশেষ প্ৰকাশ কৰা নাই যদিও স্থানীয় সূত্ৰ অনুসৰি, ৰাব মাইক্ৰ ফাইনেন্স (Raab Micro Finance) নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা ১ কোটি ৩২ লাখ টকাৰ এটা কেলেংকাৰিৰ মীমাংসা কৰি দিয়াৰ বাবদ মধ্যস্থতাকাৰীৰ পৰা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে কৰায়ত্ত কৰে ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সন্দিকৈক। লক্ষণীয় সংখ্যালঘু অধ্যুষিত এলেকা সাঙুৰি গঠন কৰা ধূলা থানা বিগত দুটা বছৰত কেৱল ধনৰ লোভৰ জাতিংগা পক্ষীৰ জীৱন নিৰ্বাপিত হোৱাৰ দৰেই কমেও ৬জনকৈ আৰক্ষী বিষয়া নিলম্বন তথা গ্ৰেপ্তাৰ হবলগীয়া হৈছে। কেৱল সাধাৰণ আৰক্ষীয়েই নহয়, ধূলা থানাৰ কিশোৰী হত্যাৰ গোচৰত অচিৰ গাফিলতি, দুৰ্নীতিৰ বাবে একেদিনাই দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, ৩জনকৈ চিকিৎসক, ৰাজহচক্ৰ বিষয়া গ্ৰেপ্তাৰ আৰু জেল হাজোতলৈ যাবলগীয়া হৈছিল। একেদৰে ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সহকাৰী আৰক্ষী পৰিদৰ্শক, অচিৰ বাহন চালক ইত্যাদিও নিলম্বিত হৈছিল। এই ঘটনাৰ পাছতে নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়াই ধূলা থানাত সুৰাপান কৰি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বিত হৈছিল। আজি এনে পৰ্যায় পাইছে যে ডিঙিত ৰচী লগোৱা আৰু ধূলা থানাত নিযুক্তি পোৱা একে বিষয়। দুদিন পূৰ্বে দুখনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰি গো-ধন চোৰাং সৰবৰাহত বাধা দি সাফল্য দেখুওৱাৰ পাছতেই ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আজি হাতে-লোটে কৰায়ত্ব হোৱাটো তাৎপৰ্যপূৰ্ণ। অৱশ্যে, ৫ হেজাৰ টকা লবলৈ মোহ কৰাটোও বিষয়া এগৰাকীৰ কোনো কাৰণতে গ্ৰহণযোগ্য হব নোৱাৰে। স্হানীয় দুই এজনৰ ভাষ্য এয়ে যে, ধূলা থানা এচাম মাতব্বৰৰ আঙুলিৰ নিৰ্দেশত নচলিলেই বিষয়া এজনক দুৰ্নীতিত সোমাই লবলৈ ভাৰাতীয়া উপঢৌকন দিওঁতাক ব্যৱহাৰ কৰা হয়। এইসকলৰ অভিযোগ খোদ, দুৰ্নীতি নিবাৰণ শাখাৰ বিষয়াই যোগদান কৰিলেও এদিন নহয় এদিন হাতত হেণ্ডকাফ লগাবই স্বাৰ্থক্ষুণ্ণ মাতব্বৰৰ জাকে। অৰ্থাৎ সৰ্বত্ৰ অপৰাধ প্ৰৱণ এলেকাৰে পৰিপূৰ্ণ ধূলাত সাপ হৈ খুটি বেজ হৈ জৰাফুকা কৰাটো এক বৈশিষ্ট্য হৈ পৰিছে। স্বাভাৱিকতে প্ৰশ্ন উঠিছে, ধূলাত থানাৰ প্ৰাসংগিকতা কেৱল নিলম্বনৰ বাবেহে নেকি ? ধূলাৰ পৰা থানা উঠাই দিবলৈ একাংশই আজি দাবী কৰাটো লক্ষনীয় বিষয়। মধ্যভোগী, একাংশ গাওঁৰক্ষী বাহিনীৰ নামধাৰী যেতিয়ালৈ ধূলা থানাত দিনৌ ভীৰ কৰিব, তেতিয়ালৈ ধূলা বাতৰিৰ শিৰোনাম হৈ থাকিবই বুলি এই সকলে দাবী কৰিছে। কিন্তু, মাতব্বৰ, মধ্যভোগীৰ দপদপনিৰ সমান্তৰালতৈ ধনৰ খকুৱা আৰক্ষী বিষয়া থকালৈ ধূলাত সদায় ধনৰ ধূলিত হেণ্ডকাফ পিন্ধাটো নিশ্চিত হৈছে।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like