নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ অপসংস্কৃতিৰ পয়োভৰ : বালিপৰাত বিয়াত গুলী ফুটাই উল্লাস

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ : অসমত একাংশ ঠাইৰ বিবাহ অনুষ্ঠানত এতিয়া বহিঃৰাজ্যৰ অপসংস্কৃতিৰ পয়োভৰ। এইবাৰ অসমৰ এখন বিয়াত আনন্দ-উল্লাসৰ নামত ফুটিল কেইবাজাঁই গুলী। ঘটনাটো সংঘটিত হৈছে শোণিতপুৰ জিলাৰ বালিপৰাৰ সমীপৱৰ্তী বৰপাটগাঁৱৰ। জানিব পৰা মতে বৰপাটগাঁৱৰ যুৱ ব্যৱসায়ী গীতু বৰা নামৰ লোকজনৰ বাসগৃহত যোৱানিশা অনুষ্ঠিত হৈছিল এক বিবাহ অনুষ্ঠান। বিবাহ অনুষ্ঠানটোৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে অকস্মাতে সকলোকে হতবাক কৰি অসীম শইকীয়া নামৰ লোকজনে ফুটায় কেইবাজাঁই গুলী। আনহাতে , লোকজনে গুলী ফুটোৱা দৃশ্য ভাইৰেল ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান সময়ত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে গুলী ফুটোৱা নেতাজনক সোধা-পোছা অব্যাহত ৰাখিছে। ঘটনাটোত অঞ্চলবাসী হতচকিত হোৱাৰ লগতে এনে ঘটনাক নিন্দা কৰা পৰিলক্ষিত হৈছে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like