নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব নৱী দিৱস উপলক্ষে গোৱালপাৰাত ইচলাম ধৰ্মাৱলম্বীলোকৰ শান্তি সমদল

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ  বিশ্ব নবী দিৱস উপলক্ষে গোৱালপাৰাত উলিওৱা হ’ল এক শান্তি সমদল। ইছলাম ধৰ্মৰ প্ৰচাৰক বিশ্ব নবী হজৰত মহম্মদ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল। এই দিনটোতে প্ৰতি বছৰে গোৱালপাৰা চহৰত উলিওৱা হয় শান্তি সমদল।

বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে কিনকিনীয়া বৰষুণৰ মাজেৰে গোৱালপাৰা চহৰত উলিওৱা এই শান্তি সমদলটো আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। চহৰখনৰ ঈদগাহ ময়দানৰ পৰা উলিওৱা শান্তি সমদলটো সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰাৰ অন্তত পীৰ মাজাৰত দোৱাৰে সমাপ্তি ঘটোৱা হয়।

Input: Monoj kr das., Goalpara.

You might also like