নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনত এজনৰ দেহত চিনাক্ত ক’ৰোনা

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ জোনাইৰ মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ক’ভিড পৰীক্ষা কৰে জোনাই মহকুমা স্বাস্থ্য বিভাগে। জোনাই মহকুমা স্বাস্থ্য বিভাগে যোৱা ১০ এপ্ৰিলৰ পৰা গুৱাহাটীৰ পৰা উজনিমুৱা মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনত স্বাস্থ্য বিভাগৰ টিমে কভিড পৰীক্ষা কৰি আছে ৷

আজি এই পৰীক্ষা কালতে এজন ১৯ বছৰীয়া যুৱকৰ দেহত ক’ৰোনা ধৰা পৰে। যুৱকজন ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বুলি জানিব পৰা গৈছে৷

উল্লেখযোগ্য যে কৰ্মসূত্ৰে মধ্যপ্ৰদেশত থকা ক’ৰোনা আক্ৰান্ত যুৱকজন অৰুণাচল প্ৰদেশৰ পাচিঘাটত থকা দেউতাৰ ওচৰলৈ অহা বুলি জানিব পৰা গৈছে৷ লগতে জোনাই মহকুমা স্বাস্থ্য বিভাগে ক’ৰোনা আক্ৰান্ত যুৱকজনক হোম কোৱাৰেন্টাইনৰ বাবে ওদালগুৰিলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে বুলি মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়ে৷

You might also like