নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০ টকাৰ বিদ্যুতেৰে ১০০০ কিলোমিটাৰ, ভাৰতত আকৰ্ষণীয় ডিজাইনৰ সবাতোকৈ সুলভ ই-বাইক

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ছত্তিশগড়়স্থিত কোম্পানী ৰেডমটো এক্সইভিয়ে ২১ মে’ত ভাৰতৰ বজাৰত মুকলি কৰিব কোম্পানীটোৰ তিনিখন অত্যাধুনিক বৈদ্যুতিক দুচকীয়া বাহন। এই পৰিৱেশ-অনুকূল বাহনসমূহৰ ব্যৱহাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে আৰোহীয়েও কম খৰচত গমন কৰিব পাৰিব গন্তব্যস্থল।

এই বাহনবোৰৰ উচ্চ মানৰ পৰীক্ষাৰ পিছত অটো খণ্ডত মুকলি কৰাৰ বাবে ডিজাইন প্ৰস্তুত হৈ উঠিছে আৰু ইয়াৰ মূল্যও অন্যান্য বাহনৰ তুলনাত কম কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিছে কোম্পানীয়ে। কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া জিতেন্দ্ৰই কয়, এই ই-বাইকসমূহ ভাৰতত প্ৰথমখন সুলভ বাইক বুলি প্ৰমাণিত হ’ব, যাৰ মূল্য কেৱল ৮০ হাজাৰৰ পৰা ৮৫ হাজাৰ টকাৰ ভিতৰত হ’ব, আনহাতে স্কুটাৰৰ মূল্য কেৱল ৬৫ হাজাৰৰ পৰা ৭২ হাজাৰ টকাৰ ভিতৰত হ’ব।

এই ই-বাহনবোৰ অত্যাধুনিক প্ৰযুক্তিৰে ডিজাইন কৰা হৈছে। গ্ৰাহকসকলে এই বাহনবোৰ চাৰি ঘণ্টাৰ বাবে চাৰ্জ কৰাৰ পিছত প্ৰায় ৬০ কিলোমিটাৰলৈকে চলাব পাৰে। তেওঁ কয় যে বাহনৰ মডেলবোৰ ৪৮ভি প্ৰণালীৰ সৈতে নিম্ন-গতিৰ শ্ৰেণীত পৰীক্ষা কৰা হৈছে। গ্ৰাহকসকলৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি কোম্পানীটোৱে এই বাহনবোৰৰ ডিজাইন অতি আকৰ্ষণীয় কৰি তুলিবলৈ আৰু তেওঁলোকৰ মূল্য নিম্নতম ৰাখিবলৈ বিশেষ মনোযোগ দিছে।

কোম্পানীটোৰ মতে বাহনবোৰে খুব কম বিদ্যুতত চাৰ্জ হ’ব, যাতে খৰচ অতি কম হয়। কোম্পানীটোৱে কয় যে গ্ৰাহকসকলে মাত্ৰ ২০০ টকা বিদ্যুত ব্যয়েৰে প্ৰায় ১০০০ কিলোমিটাৰ চলাব পাৰিব। এই দুচকীয়া ই-বাহনসমূহ কোম্পানীটোৱে ছত্তিশগড়ত মুকলি কৰিছে, কিন্তু এই বাহনসমূহ ভাৰতৰ আন ৰাজ্যৰ গ্ৰাহকসকলৰ বাবে ২১ মে’ত মুকলি হ’ব।

You might also like