নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গৰু বিহুঃ ভোগদৈৰ বাকৰিত গৰুক ধুৱালে গা…

নিয়মীয়া বাৰ্তা,  ১৪ এপ্ৰিলঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক পূৰ্ণদমে আদৰিছে ৰাইজে। উত্তৰ পশ্চিম যোৰহাটৰ মনাইমাজি অঞ্চল অসমীয়া কৃষ্টি-সাংস্কৃতিৰ যেন এক কঠীয়াতলী। আজি গৰু বিহুৰ দিনাই ঐতিহাসিক মনাইমাজি গাঁওখনৰ ভোগদৈ নদীৰ পাৰত দেখা পোৱা যায় এক বিৰল দৃশ্য।

 

বিগত বছৰসমূহৰ দৰে এইবাৰ ত্ৰয়োদশ বৰ্ষৰ বাবে মনাইমাজি গাঁৱৰ ঐতিহাসিক ভোগদৈ নদীৰ ঘাটত গৰু বিহুৰ দিনাই গৰুক গা -ধুওৱা কাৰ্যসূচী  পুৱাৰে পৰা উলহ-মালহেৰে ৰূপায়ণ কৰে।

বেচৰকাৰী অনুষ্ঠান শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰৰ উদ্যোগত বৃহত্তৰ উত্তৰ পশ্চিম যোৰহাটবাসী ৰাইজৰ প্ৰত্যক্ষ সহযোগত সম্পন্ন হোৱা উক্ত কাৰ্যসূচীত সহস্ৰাধিক ৰাইজৰ পদধূলাৰে জীপাল হয় ভোগদৈৰ বাকৰি।

পুৱাতে ‘লাউ খা বেঙেনা খাৰে…’ মুখৰিত হয় ভোগদৈৰ বাকৰি। বৰ্তমান প্ৰচলিত গো-মাতা পূজনৰ কৰ্ম ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ অসমীয়া জাতিয়েই বছৰেকীয়া পৰম্পৰাগত উৎসৱৰ এটা দিন ‘গৰু বিহু’ ৰূপে পালন তথা উলহ-মালহেৰে উদযাপন কৰি আহিছে যুগ যুগ ধৰি।

অসমত এয়া এক নিদৰ্শন আৰু এয়া ভাৰতবৰ্ষৰ আন ঠাইত বিৰল।

You might also like